Nalbari : সামন্য বৰষুণতে বোকাপানীৰে একাকাৰ পূৰ্নদৈচপৰাৰ চাপোন সংযোগী পথ

f445b9e3 ed1e 4477 adb4 7706140e715f

Nalbari :

ফাগুন মাহৰ এজাক বৰষুণতে কদৰ্য্যময় হৈ পৰিছে হাজো আৰু নলবাৰী সমষ্টিৰ অন্তৰ্গত পূৰ্নদৈচপৰাৰ পৰা চাপোন সংযোগী পথচোৱা৷

উল্লেখ্য যে বৰ্তমানৰ চৰকাৰৰ দিনত বিভিন্ন দিশত উন্নয়নৰ পৰশ পৰিছে৷দেশ স্বাধীন হোৱাৰ ৭০ বছৰ পাছত ৰাইজে নভবা বহুত কামে বৰ্তমানৰ চৰকাৰে কৰিবলৈ সক্ষম হৈছে৷

তাকে কৈছে এজন সত্তৰোৰ্ধৰ বয়সস্থ লোকে ৷ নাম ঠিকনা প্ৰকাশ কৰাত বাধা দি কামৰূপ জিলাৰ হাজো সমষ্টিৰ এইজন লোকে কয় যে বহুত ৰাস্তা ঘাট পকী হ’ল৷

কিন্তু নলবাৰী সমষ্টিৰ পূৰ্নদৈচপৰা(লহকৰপাৰা)ৰ পৰা হাজো সমষ্টিৰ দিপলাং গাৱঁৰ চাপোন চুবুৰী সংযোগী পথছোৱা আজি পৰ্যন্ত মেৰামতি নহল৷তেওঁ আক্ষেপ কৰি কয় যে জাৱৰৰ দমত সূৰ্য্যৰ পোহৰ নপৰাৰ দৰে উক্ত জৰাজীৰ্ণ পথ ছোৱা জনপ্ৰতিনিধি অথবা বিভাগীয় বিষয়া কৰ্মচাৰীৰ চকুত নপৰে৷

যাৰবাবে পথচাৰীয়ে যথেষ্ট কষ্ট ভোগ কৰিব লাগে৷বৰ্তমান নেৰানেপেৰা বৰষুণৰ বাবে পথচোৱা বোকাপানীৰে কদৰ্যময় হৈ পৰিছে৷উক্ত কদৰ্যময় পথৰে ছাত্ৰছাত্ৰীকে ধৰি অসংখ্য লোকে দৈনিক অহাযোৱা কৰি আছে৷

আনহাতে বিগত প্ৰলয়ংকৰী বানে পথটোৰ ঠায়ে ঠায়ে গাতৰ সৃষ্টি কৰি একোটা মৰণফাণ্ডৰ সৃষ্টি কৰিছে৷তেওঁ কয় যে এসময়ৰ কঞাঁ বাহাৰঘাট গড়কাপ্তানি পথটোৰ উক্ত অংশ বৰ্তমানৰ জনপ্ৰতিনিধিৰ অদূৰদৰ্শিতাৰ হেতুত মেৰামতি কৰা হোৱা নাই৷

মনকৰিবলগীয়া যে হাজো আৰু নলবাৰী সমষ্টি সংযোগী পথটোৰ হাজো সমষ্টিৰ কঞাঁ নামঘৰৰ পৰা দিপলাংৰ চাপোনলৈ পথছোৱা প্লেভাৰ ব্লকৰে যাতায়তৰ উপযোগী কৰাৰ বিপৰীতে নলবাৰী সমষ্টিৰ লহকৰপাৰা কেন্দুতললৈ একে ধৰনে নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰিছে৷

কিন্তু লক্ষ্য কৰিবলগীয়া কথা যে দুয়ো সমষ্টিৰ দুটা মুৰৰ পৰা পথটো পকী কৰাৰ মাজতে পথটোৰ এটা অংশ প্ৰায় তিনি চাৰিশ মিটাৰ পথ দুৰ্ভাগ্যজনক ভাবে ৰৈ গ’ল৷উক্ত অংশটোৱে হ’ল পূৰ্নদৈচপৰাৰ পৰা চাপোন সংযোগ কৰা প্ৰধান পথ৷

উক্ত পথ ছোৱাৰ কাষতে হাজো আৰু নলবাৰী সমষ্টিৰ ভোটদান কৰা কেইবাঘৰো লোক আছে৷এইসকল লোকে বাৰিষা বোকাপানী গছকি যাতায়ত কৰিব লাগে৷সেয়েহে ৰাইজৰ এটা অংশই আজি দৈনিক অগ্ৰদূতৰ আগত সাত ভগীয়া ঠাইত শগুনেও শ নাখাই বুলি আক্ষেপ কৰি কয় যে আমি দুয়ো সমষ্টিৰ সীমামূৰীয়া বাবে পথ উন্নয়ন নকৰে বিভাগ তথা জনপ্ৰতিনিধিয়ে৷উল্লেখযোগ্য যে এসময়ৰ গড়কাপ্তানি বিভাগৰ উত্তৰ কামৰূপ সংমণ্ডলৰ অধীনস্থ কঞাঁ বাহাৰঘাট পথটো বছৰি মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি ৰাখিছিল৷।

আনহাতে উক্ত পথটো বগল’চ ৰো’ড আৰু মৰোৱা কমলপুৰ পথৰ প্ৰধান বিকল্প পথ আছিল৷বৰ্তমান উক্ত পথ ছোৱাচিতা কৰাৰ বাবে কোনো বিভাগীয় কৰ্মচাৰী নাই৷যাৰ ফলত পথটো নিয়াৰিকৈ পৰিচালনা কৰিব পৰা নাই লোক নিৰ্মাণ বিভাগে৷

মাত্ৰ কষ্ট ভোগ কৰাই আছে জনসাধাৰণক৷ভুক্তভোগী ৰাইজে পথছোৱা শিঘ্ৰে মেৰামতি কৰাৰ বাবে চৰকাৰক দাবী জনাইছে৷

Exit mobile version