Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News New Year 2023

New Year 2023 Wishes : এজাক তৰুণ-তৰুণীয়ে নিবনুৱাৰ বাবে কঢ়িয়াই আনিছে উদ্দীপ্ত কিৰণ

শিক্ষা লাভৰ মাজতে উপার্জন : লাখ লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত ৰাজ্যত ‘পাকঘৰ’ৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

publisher by publisher
January 1, 2023
in New Year 2023
Reading Time: 2 mins read
0
New Year 2023 Wishes : এজাক তৰুণ-তৰুণীয়ে নিবনুৱাৰ বাবে কঢ়িয়াই আনিছে উদ্দীপ্ত কিৰণ
7
SHARES
73
VIEWS
ShareShareShareShare

RelatedPosts

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

ৰণ্টু নেওগ

ADVERTISEMENT

New Year 2023 Wishes :

জীৱনযুদ্ধত জয়-পৰাজয় অনিবাৰ্য; কিন্তু পৰাজয় কেতিয়াও বিমুখতাৰ মুখ্য কাৰক হ’ব নোৱাৰে। মনোবল, ধৈর্য, সাহস, দৃঢ়তা, বুদ্ধিমত্তাই হ’ল জীৱন সংগ্ৰামৰ প্ৰকৃত সাৰথি । জীৱনৰ কৰ্মক্ষেত্ৰত সাহস, ধৈৰ্য আৰু আন্তৰিকতাৰে অগ্ৰসৰ হ’লে জয় সদা-নিশ্চিত। সৎ উদ্দেশ্য আগত ৰাখি কামৰ সৰু-বৰ বিচাৰ নকৰি নিষ্ঠা, সততা আৰু একাগ্ৰতাৰ সন্মিলিত শক্তিয়ে জন্ম দিয়ে অন্য এক বিশালতাৰ।

অৱশ্যে স্ব-নিয়োজনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও এনে শক্তিসমূহৰ কিৰণ জাগ্ৰত নোহোৱাৰ ফলত এইখন অসমত সাম্প্রতিক সময়ত নিৱনুৱা সমস্যাই অত্যন্ত ভয়াৱহ আৰু জ্বলন্ত সমস্যাৰূপে থিয় দিছে।

তেনে সময়তে কিদৰে নিজকে অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰি তাৰ সন্ধানত আন ১০জনে নোযোৱা বাটেদি বাট বুলিবলৈ চেষ্টা কৰিছে ৰাজ্যৰ একাংশ তৰুণ- তৰুণীয়ে । মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত এজাক অসমীয়া উদ্যমী ডেকা-গাভৰুৰ উদ্যোগত গঢ় লৈ উঠিছে ‘পাকঘৰ’ নামৰ নিবনুৱা সংস্থাপনৰ এক নিৰ্ভৰযোগ্য প্রতিষ্ঠান।

WhatsApp Image 2023 01 01 at 16.22.55

বন্ধন, পরিবেশন আৰু মণ্ডপ নির্মাণকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অভ্যর্থনাৰ দায়িত্ব গ্রহণ কৰা ‘পাকঘৰ’ শীৰ্ষক এই প্রতিষ্ঠানটোৱে ডেৰ শতাধিক যুৱক-যুৱতীৰ সংস্থাপনৰ পথ প্রশস্ত কৰি আহিছে আৰু তেওঁলোকৰ কৰ্তব্য নিষ্ঠা আৰু কৰ্ম পটুতাতাই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে।

‘পাকঘৰ’ মাথোঁ চাৰিটা আখৰৰ সমাহাৰ নহয়। যুৱ প্ৰজন্মৰ মাজত কৰ্ম-সংস্কৃতিৰ পৰিৱেশ গঢ় দিয়াৰ উদ্দেশ্যে দুটা বছৰৰ পূৰ্বে চৰাইদেউৰ কাকতিবাৰীত জন্মলাভ কৰা ‘পাকঘৰ’-এ সম্প্ৰতি এজাক তৰুণ- তৰুণীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। ‘পাকঘৰ হৈ পৰিছে নিবনুৱা সংস্থাপনৰ এক নিৰ্ভৰযোগ্য প্রতিষ্ঠান ।

WhatsApp Image 2023 01 01 at 16.22.54 1

যি প্ৰতিষ্ঠানৰ লগত সম্প্রতি জড়িত হৈ আছে উঠি অহা প্ৰজন্মৰ আবেগ, কৰ্ম সংস্কৃতিৰ এক নিদর্শন। উল্লেখ্য যে ‘পাকঘৰ’ৰ লগত সম্প্ৰতি জড়িত হৈ সংস্থাপনৰ বাট সুচল কৰা গৰিষ্ঠসংখ্যক তৰুণ- তৰুণীয়েই হৈছে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰী তথা বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ডেকা-গাভৰু।

পাকঘৰৰ গৰিষ্ঠসংখ্যক সদস্যই হৈছে যুৱতী আৰু তেওঁলোকে বিভিন্ন মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সমান্তৰালভাৱে এই পাকঘৰৰ জৰিয়তে উপাৰ্জনৰ পথো প্রশস্ত কৰি আহিছে। ইতিমধ্যে ডিম্বী, পাহি, সীমা, চয়নিকা, বন্দিতা, বৰ্ষা, জোনমণি কংকনা, কিরণময়ী, মিতালী, উৎপল, কৌস্তভ, বিজিতহঁতৰ খাদ্য পৰিৱেশন শৈলী, আচাৰ-ব্যৱহাৰত সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হোৱা তথা ৰাজ্যজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা ‘পাকঘৰ’ৰ স্ৰষ্টা উদীয়মান ব্যৱসায়ী জয়ন্ত গগৈয়ে এই যাত্ৰাৰ আঁৰৰ কাহিনী বর্ণনা কৰি কয়, ‘বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অভ্যর্থনাৰ বন্ধন, পৰিৱেশন, মণ্ডপ নির্মাণ, সৌন্দর্যবর্ধনৰ দায়িত্ব গ্রহণ কৰে ‘পাকঘৰ’-এ ।

WhatsApp Image 2023 01 01 at 16.22.54 2

আজিৰ পৰিচিত ভাষাত যদি ক’বলৈ যোৱা যায় এটা কেটাৰিং পার্টি। পূর্বতে গ্রামাঞ্চলত গাঁৱৰ যুৱক-যুৱতী তথা লোকসকলেই গৃহস্থৰ সহায়ক হোৱাকৈ এই বিলনীয়া কামত সহায় কৰি অহাৰ এক পৰম্পৰা আছিল যদিও পৰিৱৰ্তিত সমাজত ক্ৰমাৎ নাইকিয়া হৈ পৰিব ধৰিছে। সম্প্রতি গৰিষ্ঠসংখ্যক অভ্যর্থনা অনুষ্ঠানতে বন্ধনৰ পৰা বিতৰণলৈকে লোক আমদানি কৰিবলগীয়া হৈছে।

পৰিস্থিতিগত কাৰণত ময়ো বিদ্যালয়ত অধ্যয়ন কৰি থকা অৱস্থাৰ পৰাই এই বৃত্তিৰ লগত জড়িত হৈ পৰো যেতিয়া কাৰোবাৰ ঘৰত খাদ্য বিতৰণৰ বাবে ব্যক্তিৰ প্ৰয়োজন হয়, আমি ছয়-সাতজন যুৱকে লগ হৈ এই কাম সম্পাদন কৰো। প্ৰতিটো অনুষ্ঠানৰ বিনিময়ত দুই-তিনিশ টকালৈ লাভ কৰিছিলো ।

WhatsApp Image 2023 01 01 at 16.22.53

২০১০ত ম‍ই স্নাতক ডিগ্রী লাভ কৰাৰ পাছতো এনে বৃত্তিত জড়িত হৈ আছিলো আৰু তেতিয়া গৰিষ্ঠসংখ্যক অভ্যর্থনা অনুষ্ঠানতে প্রত্যক্ষ কৰিছিলো যে বন্ধন বিতৰণ প্ৰক্ৰিয়াৰ লগত জড়িত গৰিষ্ঠসংখ্যকেই আন সম্প্ৰদায়ৰ লোক।

তেতিয়া মনলৈ এটা প্ৰশ্ন আহিছিল, আমি অসমীয়া যুৱক-যুৱতীয়ে কিয় এই কাম কৰিব নোৱাৰো ? বহু দিন এই প্রশ্নই মোক খুলি খুলি খাইছিল আৰু প্ৰায় ১০জন ল’ৰা, তিনিগৰাকী যুৱতী লগ হৈ আমি এই কাম আৰম্ভ কৰিলো। ক’ভিডৰ পাছত অর্থাৎ ২০২০ত আমি পাকঘৰ জন্ম দিলো আৰু আজি আমাৰ সদস্য সংখ্যা ১০৩ জন, য’ত ৯০গৰাকী যুৱতী আৰু ১২ জন যুৱক আছে ।’

উল্লেখ্য যে সোণাৰিস্থিত ‘নিয়ৰ’ নামৰ পানী পেকেজিং উদ্যোগত কৰ্মৰত গগৈয়ে পাকঘৰৰ প্ৰতিগৰাকী যুৱক- যুৱতীয়েই স্নাতকোত্তৰ আৰু স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছে বুলি মন্তব্য কৰি তেওঁলোকে ইতিমধ্যে পাঁচশৰো অধিক অভ্যর্থনা অনুষ্ঠানত কৰ্ম সম্পাদন কৰিবলৈ সক্ষম হৈছে বুলি কয়।

সোণাৰিৰ কাকতিবাৰীত ১৯৮৮ত জন্ম লাভ কৰা তথা সম্প্রতি জয়ন্ত কল্যাণ নামেৰে জনপ্রিয়তা অর্জন কৰা গগৈয়ে পুনৰ কয়, ‘এটা জাতিৰ পৰিচয় কৰ্ম-সংস্কৃতিৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়ে প্রত্যেকে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ কৰ্ম কৰিব লাগে। নতুন নতুন দিশ উলিয়াই ল’ব লাগে; কিন্তু দেখাক দেখি হ’ব নালাগে।

কিয়নো অসমীয়া জাতিৰ এটা সহজাত প্রবৃত্তি আছে যিটো কেঁকোৰা প্ৰবৃত্তি। ৰাইজৰ আমি আস্থাভাজন হ’বলৈ সক্ষম হৈছো বুলি অনুভৱ কৰিছো আৰু ৰাইজৰ সহযোগিতা উৎসাহৰ বাবেই আজি পাকঘৰে ৰাজ্যখনত কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰি অবিৰত যাত্ৰা আৰম্ভ কৰিছে। দেখাক দেখি যাতে একেটা অঞ্চলতে একেই কৰ্ম-সংস্কৃতি গঢ় লৈ নুঠে সেই দিশত গুৰুত্ব দিব লাগিব আৰু প্ৰত্যেকখন জিলাতে এনে কর্ম-সংস্কৃতি গঢ় লৈ উঠক বুলি মন্তব্য কৰি গগৈয়ে যুৱতীসকলৰ সুৰক্ষাৰ দিশটোৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে যেতিয়া ক’ৰবাত অনুষ্ঠান থাকে বিশেষকৈ যুৱতীসকলক ঘৰৰ পৰা লৈ অনা হয় আৰু আকৌ কর্ম সম্পাদন শেষ হোৱাৰ পাছত থৈ অহা হয় সকলোকে।

উল্লেখ্য যে চৰাইদেউৰ ভিতৰত কোনো অনুষ্ঠান থাকিলে অভ্যর্থনাৰ নামত প্ৰতিজন সদস্যই সাতশ আঠশ টকাকৈ লাভ কৰে আৰু অন্য জিলাত হ’লে যাতায়াত বায় অনুসৰি মূল্য নির্ধাৰণ হয় বুলি গগৈয়ে মন্তব্য কৰি মাহত তেওঁলোকে গড় হিচাপে ৪০টা অনুষ্ঠান কৰে আৰু এদিনত সৰ্বাধিক সাতটা অনুষ্ঠান কৰিবলৈ সক্ষম হৈছে বুলি কয়। পৰিয়ালৰ এনাজৰীৰ মাজত থাকি।

তিতা মিঠা অভিজ্ঞতাৰে সংস্থাপনৰ পথ প্ৰশস্ত কৰি আহিছে বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘কলেজীয়া জীৱনৰ সোণালী সয়মখিনিৰ বাদেও কমলৈ কোনোদিনে লাজ-সংকোচ নকৰা এজাক শিক্ষিত যুৱক-যুৱতী আজি ওলাই আহিছে। ভিন্ন সময়ত বহুজনে বিশেষকৈ যুৱতীসকলক হীন মনোভাবেবে দৃষ্টি নিক্ষেপ কৰে; কারণ আন ১০জনে কৰিব নোখোজা কামবোৰ তেওঁলোকে বাছি লৈছে।

সম্প্রতি পাকঘৰৰ মূল চালিকা শক্তিয়েই হৈছে বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যায়লয়ত অধ্যয়নৰত এইসকল যুৱতী। পুৱাই উঠি ঘৰুৱা কামবোৰ সামৰি মহাবিদ্যালয়লৈ ঢাপলি মেলে। আকৌ তাৰ পৰা উভতি আহিয়েই নিজৰ দায়িত্ব পালনৰ উদ্দেশ্যে পূৰ্ব নিৰ্ধাৰিত কৰ্মস্থলীত উপস্থিত হৈ নিশা দুপৰলৈ ব্যস্ত হৈ পৰে।

উল্লেখ্য যে ৰাজ্যৰ গৰিষ্ঠসংখ্যক বিবাহস্থলীকে ধৰি অন্যান্য অভ্যর্থনাস্থলীত সম্প্ৰতি খাদ্য পৰিৱেশনত ব্যস্ত হৈ থকা দেখা যায় এইসকলক অসমীয়া ডেকা-গাভৰুক । তেওঁলোকৰ কৰ্তব্যনিষ্ঠা আৰু কৰ্মপটুতা কৰ্মৰ প্ৰকৃত চানেকি। তেওঁলোকৰ পৰিৱেশনশৈলী আৰু আচাৰ-ব্যৱহাৰত সকলো আপ্লুত আজি।

অধ্যয়নৰ মাজতো পাকঘৰৰ জৰিয়তে উপাৰ্জনৰ পথ প্রশস্ত কৰিছে শতাধিক ছাত্র-ছাত্রীয়ে 

পাকঘৰৰ গৰিষ্ঠসংখ্যক সদস্যই সম্প্রতি বিভিন্ন উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী। পঢ়াৰ মাজতে আজৰি সময়ত পাকঘৰৰ জৰিয়তে তেওঁলোকে নিজৰ হাত খচৰৰ লগতে পৰিয়াল পোহপাল দিবলৈও সক্ষম হৈছে। উল্লেখ্য যে পাকঘৰৰ গৰিষ্ঠসংখ্যক সদস্যই হৈছে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ যুৱক-যুৱতী।

আন ১০ জনে বাছি ল’বলৈ সংকোচ কৰা এটা উপাৰ্জনৰ পথ আজিৰ তৰুণ-তরুণীয়ে বাছি লোৱাটো নিশ্চিতভাৱে ৰাজ্যখনৰ বাবে এটা সুখবৰ। পাকঘৰৰ সদস্যা তথা সোণাৰী মহাবিদ্যালয় স্নাতক (বিজ্ঞান) শাখাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী ডেলিপ্রিয়া ফুকনে নৱবৰ্ষটোত ৰাজ্যত এক কৰ্ম-সংস্কৃতিৰ পৰিৱেশ গঢ়ি উঠক বুলি মন্তব্য কৰি কয়, ‘পাকঘৰ এতিয়া নিবনুৱা সংস্থাপনৰ এটা অনুষ্ঠানলৈ পৰিণত হৈছে। উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়ৰ পৰাই ম‍ই পাকঘৰৰ লগত জড়িত হৈ আছো।

একতাই হৈছে পাকঘৰৰ এই যাত্ৰাৰ মূল মাপকাঠি। পাকঘৰত আমি প্রায় ৯০ গৰাকী যুৱতী আৰু ১০-১২জন যুৱক আছো। সকলোৱে মিলাপ্ৰীতিৰে দায়িত্ব পালন কৰো। কোনো কোনো অনুষ্ঠানত বিশেষকৈ যুৱতীসকলে খাদ্য পৰিবেশন কৰি থকা দেখি বহুতেই চকু থৰ কৰি চাই আৰু দুই একে ঋণাত্মক মন্তব্যও কৰে বুলি ফুকনে মন্তব্য কৰি সন্মুখত কেৱল ধনাত্মক চিন্তা-চৰ্চা লৈ তেওঁলোক আগবাঢ়ি গৈছে বুলি কয়।

তেওঁ কয়, ভবিষ্যৎ যাতে সুৰক্ষিত হয়, এটা ভাল চাকৰি প্রত্যেক যুৱক-যুৱতীয়েই বিচাৰে আৰু চাকৰিৰ আশাত বন্দী হৈ বহুজনৰ জীৱনৰ আধা সময় শেষ হৈ যোৱা অলেখ উদাহৰণ এইখন অসমতে আছে। সেয়ে মই ভাবো কামৰ সৰু-বৰ বিচাৰ নকৰি প্ৰত্যেকে বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে উপাৰ্জনৰ পথ বাছি ল’ব লাগে। যিদৰে নিজৰ অধ্যয়ন অব্যাহত ৰখাৰ সমান্তৰালভাৱে পাকঘৰৰ জৰিয়তে ম‍ই নিজক সংস্থাপিত কৰি আহিছো।

নিজৰ কৰ্মৰে নিজকে পৰিচিতি দিব পাৰিছো আৰু লগতে স্বাৱলম্বীও হৈছো। নজনা কথাবোৰ শিকিব পাৰিছো। একতাই যে সকলো সম্ভৱ কৰি তুলিব পাৰে সেই নিদৰ্শন পাকঘৰে দাঙি ধৰিছে। পাকঘৰৰ যি একতা সেয়া সদায় অটুট থাকক।’ কৰ্ম-সংস্কৃতিৰ পৰিবেশ গঢ় লৈ উঠিবলৈ হ’লে সৰু সৰু কামবোৰকো সম্মানৰে চাব লাগিবুলি মন্তব্য কৰি তেওঁ কৰ্মস্থলীত ইমান ধুনীয়া ধুনীয়া ছোৱালীয়ে খাদ্য বিতৰণ কৰিছে, ইমান পঢ়ি-শুনি খাদ্য বিতৰণ কৰিছে ! আদি প্ৰশ্নবোৰে কেতিয়াবা মনত আঘাত দিয়ে বুলিও কয়।

পঞ্জাৱত যিদৰে এজন খেতিয়কক উচ্চ সন্মান দিয়া যায়, অসমতো যদি এজন কৃষকে তেনে সন্মান লাভ কৰে হেজাৰ হেজাৰ কৃষকৰ সৃষ্টি হ’ব বুলি যুৱতীগৰাকীয়ে মন্তব্য কৰি কামৰ সৰু-বৰ নাই আৰু সকলো কামৰে মূল্য আছে বুলি কয়। সমান্তৰালভাৱে পাকঘৰৰ সদস্য তথা স্নাতক (কলা)ৰ পঞ্চম যাণ্মাসিকৰ ছাত্ৰ তন্ময় লাহনে বিগত ১০ মাহ ধৰি পাকঘৰৰ লগত জড়িত হৈ থকাৰ কথা উল্লেখ কৰি কয়, ‘ঘৰৰ মই একমাত্ৰ ল’ৰা।

পঢ়ি থকাৰ মাজতে আজৰি সময়ত পাকঘৰৰ জৰিয়তে ম‍ই উপাৰ্জনৰ পথ প্রশস্ত কৰিবলৈ সক্ষম হৈছো। পাকঘৰে যি এক কর্ম-সংস্কৃতি গঢ়ি তুলিছে, প্রতিখন জিলাতে এনে কৰ্ম-সংস্কৃতি গঢ় লৈ উঠক। কেৱল এটা চৰকাৰী চাকৰি পাম পাম বুলি খাপ পিটি থাকিব নালাগে। প্রচেষ্টা অব্যাহত ৰাখিব লাগে আৰু তাৰ সমান্তৰালভাৱে নিজকে আন স্থানত সংস্থাপিত কৰি ৰাখিব লাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: New Year WishesPakgharRontu Neog
publisher

publisher

Related Posts

New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক
New Year 2023

New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক

January 1, 2023
New Year 2023 Wishes : নৱপ্ৰজন্ম‌ই নতুন চিন্তা কৰক
New Year 2023

New Year 2023 Wishes : নৱপ্ৰজন্ম‌ই নতুন চিন্তা কৰক

January 1, 2023
New Year Wishes : নৱ বৰ্ষ উপলক্ষে প্ৰজ্ঞান জ্যোতি ভূঞা ( কটন বিশ্ববিদ্যালয় ,উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ ) ৰ একান্ত অনুভৱ :
New Year 2023

New Year Wishes : নৱ বৰ্ষ উপলক্ষে প্ৰজ্ঞান জ্যোতি ভূঞা ( কটন বিশ্ববিদ্যালয় ,উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ ) ৰ একান্ত অনুভৱ :

January 1, 2023
New Year 2023 Wishes : জীৱন উপভোগ্য হোৱাটো কাম্য
New Year 2023

New Year 2023 Wishes : জীৱন উপভোগ্য হোৱাটো কাম্য

January 1, 2023
New Year 2023 : সপোনবোৰ এদিন ফলিয়াব‌ই
New Year 2023

New Year 2023 : সপোনবোৰ এদিন ফলিয়াব‌ই

January 1, 2023
New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :
New Year 2023

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

January 1, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d