Balipara Road Accident:শোণিতপুৰৰ বালিপাৰাত শোকাৱহ পথ দুৰ্ঘটনা

থিতাতে নিহত পাঁচজনকৈ সুঠাম যুৱক

WhatsApp Image 2023 02 24 at 17.49.47

Balipara Road Accident:

শোণিতপুৰৰ বালিপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শোকাৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত পাঁচজনকৈ সুঠাম যুৱক ।

বালিপৰাৰ পৰা তেজপুৰ অভিমুখে তীব্ৰবেগত গৈ থকা পথত এএছ ১২-আৰ ২১১৫ নম্বৰৰ ছুইফট ডিজায়াৰ বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ৷

ফলত নিহত হয় বাহন খনৰ পাঁচ আৰোহি যুৱক ৷ নিশা প্রায় দুই বজাত সংঘটিত হয় এই দুর্ঘটনাটো ৷ নিহত যুৱককেইজন হ’ল ক্ৰমে গটংগাৰ দ্বীপেন বৰা, বালিপুখুৰীৰ ভাইকন পটংগীয়া, বেচেৰীয়াৰ বিদ্যুৎ নাথ, কাৱৈমাৰীৰ আকাশদ্বীপ বৰা আৰু ৰঙাপুখুৰীপাৰৰ বিশ্বজিৎ শইকীয়া।

ঘটনাটো সংঘটিত হোৱাৰ পাছতে বালিপৰা আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ ভিতৰৰ পৰা নিহত যুৱক কেইজনৰ মৃতদেহ উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

Exit mobile version