Five Organisations Protest Against Illegal Mining And Dumpers :শালবাৰীত অবৈধ খনন আৰু ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে ৫ টাকৈ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

মানাহ-বৰপেটাৰোড পথ অৱৰোধ কৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

WhatsApp Image 2023 02 24 at 19.43.32

Five Organisations Protest Against Illegal Mining And Dumpers :

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বেঁকী নৈৰ বুকুত চলি থকা অবৈধ শিল-বালি খনন আৰু সেইবোৰ কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ দাবীত অব্যাহত আছে প্ৰতিবাদ

স্মৰ্তব্য যে যোৱা ২১ ফেব্ৰুৱাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত শালবাৰীৰ চৌৰাগুৰিত নিহত হৈছিল সাজাহান আলী নামৰ এজন ই-ৰিক্সা চালক৷ কালি গোৱৰ্ধনা কালপানী অঞ্চলৰ ই-ৰিক্সা চালক সন্থাই তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত আজি মানাহৰ সমীপৱৰ্তী শালবাৰীৰ কুঠৰীঝাৰত মানাহ-বৰপেটাৰোড সংযোগী মূল পথটো অৱৰোধ কৰি ধৰ্ণা কাৰ্যসূচীৰে অবৈধ খনন আৰু ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে ৷

আছা, আছু, আক্ৰাছু, হিন্দীভাষী বিকাশ পৰিষদ,আমছু আৰু এবিএমছুৰ শতাধিক নেতা-কৰ্মীয়ে তীব্ৰবেগী ডাম্পাৰৰ চলাচল বন্ধ কৰক,বেঁকী নদীত অবৈধ খনন বন্ধ কৰক,ডাম্পাৰৰ চলাচলত প্ৰশাসনে নীতিনিয়ম বান্ধি দিয়ক,বনবিভাগ জাগি উঠক আদি বিভিন্ন শ্লোগান দি ৰাজপথৰ মাজতে বহি ৰূপায়ন কৰে এঘণ্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷

যাৰ ফলত পথটোৰে যাতায়ত কৰা জৰুৰীকালীন আৰু স্কুলৰ বাহনৰ বাদে আন গাড়ী-মটৰৰ চলাচল বন্ধ হৈ পৰে ৷ ইফালে দল-সংগঠনসমূহৰ নেতৃবন্দই অতি শীঘ্ৰে বেঁকীৰ বুকুত চলি থকা অবৈধ খনন আৰু ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে আৰক্ষী-প্ৰশাসনক কঠোৰভাৱে দাবী জনায় অন্যথা অনাগত দিনত অবৈধ খনন আৰু তীব্ৰবেগী ডাম্পাৰৰ চলাচলৰ বিৰুদ্ধে দিনযোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজি উপস্থিত থকা প্ৰতিটো দল-সংগঠনে সঁকিয়াই দিয়ে ৷

Exit mobile version