Five Organisations Protest Against Illegal Mining And Dumpers :
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বেঁকী নৈৰ বুকুত চলি থকা অবৈধ শিল-বালি খনন আৰু সেইবোৰ কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ দাবীত অব্যাহত আছে প্ৰতিবাদ ৷
স্মৰ্তব্য যে যোৱা ২১ ফেব্ৰুৱাৰীত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত শালবাৰীৰ চৌৰাগুৰিত নিহত হৈছিল সাজাহান আলী নামৰ এজন ই-ৰিক্সা চালক৷ কালি গোৱৰ্ধনা কালপানী অঞ্চলৰ ই-ৰিক্সা চালক সন্থাই তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত আজি মানাহৰ সমীপৱৰ্তী শালবাৰীৰ কুঠৰীঝাৰত মানাহ-বৰপেটাৰোড সংযোগী মূল পথটো অৱৰোধ কৰি ধৰ্ণা কাৰ্যসূচীৰে অবৈধ খনন আৰু ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে ৷
যাৰ ফলত পথটোৰে যাতায়ত কৰা জৰুৰীকালীন আৰু স্কুলৰ বাহনৰ বাদে আন গাড়ী-মটৰৰ চলাচল বন্ধ হৈ পৰে ৷ ইফালে দল-সংগঠনসমূহৰ নেতৃবন্দই অতি শীঘ্ৰে বেঁকীৰ বুকুত চলি থকা অবৈধ খনন আৰু ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে আৰক্ষী-প্ৰশাসনক কঠোৰভাৱে দাবী জনায় অন্যথা অনাগত দিনত অবৈধ খনন আৰু তীব্ৰবেগী ডাম্পাৰৰ চলাচলৰ বিৰুদ্ধে দিনযোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আজি উপস্থিত থকা প্ৰতিটো দল-সংগঠনে সঁকিয়াই দিয়ে ৷