Chief Minister Lays Foundation Stone For Biogas Project : সোণাপুৰত ৰেডলেমন টেকন’লজিছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত

বায়’গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ce16262a 935b 46cc 92be fcabaf1e5408 1

Chief Minister Lays Foundation Stone For Biogas Project :

ৰাজ্যত শীৰ্ঘেই উত্তৰ- পূৰ্বৰ প্ৰথমটো বায়’গেছ প্ৰকল্প মুকলি হ’ব ৷ শণিবাৰে দিছপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ দমৰা পথাৰত ৰেডলেমন টেকন’লজিছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত আৰম্ভ কৰা এক বায়’গেছ প্ৰকল্প ৷

প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,প্ৰতিদিনে পাঁচ টন বায়’গেছ উৎপাদন কৰিবলগীয়া এই প্ৰকল্পটো হৈছে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম প্ৰকল্প।

এই প্ৰকল্পটোৰ কাৰ্যকৰীকৰণে অধিক পৰিষ্কাৰ আৰু সেউজীয়া শক্তিৰ দিশত পৰিৱৰ্তন সূচনাৰ লক্ষ্যৰে ৰাজ্যখনে হাতত লোৱা প্ৰচেষ্টাক অধিক উৎসাহিত কৰিব।

অসম চৰকাৰৰ ফালৰ পৰা এই দিশত উদ্যোগীসকলৰ প্ৰতি সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, দিছপুৰ আৰু লখিমপুৰৰ বিধায়কদ্বয় ক্ৰমে অতুল বৰা আৰু মানৱ ডেকা উপস্থিত থাকে ৷

Exit mobile version