Guwahati Double Murder Case :মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মাৰাথন তদন্ত অব্যাহত !

মৃতদেহৰ অৱশিষ্ট বিচাৰি আজিও ডাউকীত চলিছে অভিযান

WhatsApp Image 2023 02 21 at 12.09.25

Guwahati Double Murder Case :

দেশ কপাই যোৱা মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতা ,অৰূপ দাস আৰু ধনজিৎ ডেকাকলৈ শনিবাৰেও মেঘালয়ৰ ডাউকীৰ দুৰ্গম অঞ্চলত আৰক্ষীয়ে অভিযান চলায় |

ডাউকী লৈ যোৱাৰ পূৰ্বে বন্দনা কলিতাক পুৱাই পানবজাৰ মহিলা আৰক্ষী নিৱেশৰ পৰা নুনমাটি থানালৈ অনা হয় ৷ ইয়াৰ পৰাই বন্দনা সহ আন তিনি অভিযুক্তক লগত লৈ আৰক্ষীয়ে নিয়ে ডাউকীলৈ৷

শেহতীয়া খবৰ অনুসৰি ইতিমধ্যে মেঘালয়ৰ ডাউকীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট বিচাৰি পুনৰ চলায় অভিযান ৷

উল্লেখ্য যে, বুধবাৰে আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট অংশ বিচাৰি ডাউকী চলাইছিল অভিযান ৷য’ত উদ্ধাৰ হৈছিল অমৰজ্যোতি দে’ৰ হাতৰ আঙুলি আৰু ৰাজহাড়ৰ কিছু অংশ বিশেষ ৷ কিন্ত উদ্ধাৰ নহ’ল স্বামী-শাহুৰ ছিন্নমুণ্ড ৷

আজি দিনৰ এঘাৰ বজাৰ পৰাই মেঘালয়ৰ ডাউকী সহ কেইবা স্থানটো বন্দনা কলিতা সহ দুই হত্যাকাৰীক লগত লৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি যুগুত কৰালৈকে অমৰজ্যোতি দে’ৰ আৰু শংকৰী দে’ৰ ছিন্নমুণ্ড সহ আন অংশ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Exit mobile version