Madhya Pradesh Major Accident : মধ্য প্ৰদেশত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

দ্ৰতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ কাষত ৰৈ থকা যাত্ৰীবাহী বাছ

ff9a5902 d126 4b73 9621 72127a5935b9

Madhya Pradesh Major Accident :

শুক্ৰবাৰে নিশা মধ্যপ্ৰদেশৰ ছিধি জিলাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ১৭ জনকৈ লোক আৰু গুৰুত্বৰভাৱে আহত হয় ৫০ জন৷

প্ৰাপ্ত খবৰ অনুসৰি দ্ৰুতগতিত আহি থকা ট্ৰাকে এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা দুখনকৈ যাত্ৰীবাহী বাছত প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটি ৷

ছিধি জিলাৰ বড়খৰা গাৱঁৰ ৰিৱা-সুৰহট ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত আহত সকলক স্থানীয়লোকে ততাতৈয়াকৈ সমীপৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে,যাত্ৰীবাহী বাছৰ যাত্ৰী সকলে কুল সমাজৰ দ্বাৰা আয়োজিত মহাকুম্ভ অনুষ্ঠানত অংশ লৈছিল ৷য’ত উপস্থিত আছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ৷ শ্বাহে সম্বোধন কৰা জনসভা খনতত অংশ লৈ গৃহাভিমুখী হোৱাৰ পথত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটি ৷

মধ্য প্ৰদেশ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমক সদৰি কৰা মতে দ্ৰুতগতিত অহা ট্ৰাক খনৰ টায়াৰ ব্লাষ্ট হোৱাৰ ফলত ট্ৰাক খন নিয়ন্ত্ৰণহীন হৈ পথৰ ৰৈ থকা বাছ দুখনক ইমানেই জোৰেৰেই মহতিয়াইছিল যে, ইয়াৰে এখন বাছ পথৰ কাষৰ এটা খাৱৈত বাগৰি পৰে ৷ঘটনাৰ পাছতে যাত্ৰীৰ মৰণকাতৰ চিঞৰ শুনি স্থানীয় লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে ১৪ টাকৈ মৃতদেহ ৷ আৰু আহত ৫০ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়ত নিহত হয় আন তিনিজন লোক৷আনহাতে গুৰুত্বভাৱে আহত ১০ জনক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ভূপাললৈ ৷

স্মতৰ্ৱ্য যে,গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাত অংশ লৈ উভতাৰ পথত আয়োজকে যোগান ধৰা পেকেট সংগ্ৰহ কৰিবৰ বাবে ৰৈ আছিল বাছখনৰ দুৰ্ভগীয়া যাত্ৰীসকল ৷

ঘটনাৰ সম্ভেদ পোৱাৰ পাছতে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে আহত সকলৰ যাবতীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে সংশ্লিষ্ট প্ৰসাশনক ৷আৰু শোকাৱহ দুৰ্ঘটনাৰ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহত সকলৰ আহু আৰোগ্য কামনা কৰে ৷

শেহতীয়া খবৰ অনুসৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিহত সকলৰ নিকট আত্মীয়লৈ এককালীন সাহায্য হিচাপে দহ লাখ টকা আৰু আহত সকলৰ চিকিৎসাৰ বাবে দুই লাখ টকা দিয়াৰ ঘোষণা কৰে ৷একেদৰে নিহত পৰিয়ালৰ যোগ্যজনক চৰকাৰী চাকৰি দিয়াৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

গৃহমন্ত্ৰী অমিত শ্বাহে শোকাৱহ পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰে আৰু আহত সকলৰ আহু আৰোগ্য কামনা কৰে ৷

Exit mobile version