
Three Cyber Criminals Arrested In Morigaon :

ৰাজ্যত শেহতীয়াকৈ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে মৰিগাঁওৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ বাসগৃহ উদ্ধাৰ হ’ল চাইবাৰত ব্যৱহাৰ হোৱা ডেৰ সহস্ৰাধিক চিম কাৰ্ড ৷
মৰিগাঁওত সংগোপনে চাইবাৰ অপৰাধী চক্ৰ এটা সক্ৰিয় হৈ থকাৰ গোপন খবৰৰ ভিত্তিত জিলা খনৰ সদৰ আৰক্ষীয়ে মৈৰাবাৰীৰ শগুনবাহী গাৱঁত অৰ্তকিতে অভিযান চলাই আটক কৰে তিনি দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী ৷ ধৃত অপৰাধী তিনিটা হ’ল মৈৰাবাৰীৰ শগুনবাহীৰ গিয়াজউদ্দিন,ৰাববুল হুছেইন আৰু ইছাহাক আলী ৷
যোৱা নিশা আৰক্ষীৰ বিশেষ টিমে দুই ধৃত অপৰাধী ৰাববুল আৰু ইছাহাক বাসগৃহত পৃথকে পৃথকে চলোৱা অভিযানত জব্দ হয় চাইবাৰত ব্যৱহ্ত কেতবোৰ সামগ্ৰী সহ ১৭২০ খন চিমকাৰ্ড আৰু এঘাৰটাকৈ ম’বাইল ৷
ইতিমধ্যে আৰক্ষীৰ ক্ৰাইম বিভাগে ধৃত তিনি চাইবাৰ অপৰাধীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷