Bird Flu : পুনৰ আতংকব বিপাইছে বাৰ্ড ফ্লোৱে ! ঝাৰখণ্ডত চাৰি হেজাৰ হাঁহ মূৰ্গীৰ নিধনৰ নিৰ্দেশ

download 9

Bird Flu :

ঝাৰখণ্ডত বিয়পিবলৈ আৰম্ভ কৰিছে বাৰ্ড ফ্লুৰ (Bird Flu) আশংকা । সেয়েহে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰায় চাৰি হেজাৰ চৰাইৰ নিধনৰ নিৰ্দেশ দিছে স্থানীয় প্ৰশাসনে ।

ইয়াৰ ভিতৰত অন্যতম কুকুৰা আৰু হাঁহ। ইতিমধ্যে ভাইৰাছৰ ফলত ৮০০ টা কুকুৰাৰ মৃত্যু হৈছে। সেয়েহে, ৰাজ্যখনৰ বোকাৰো জিলাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিধান্ত ।

তথ্য অনুসৰি কুকুৰাবোৰ H5N1 এভিয়ান ইনফ্লুৱেঞ্জা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে। ইতিমধ্যে ৮০০ টা কুকুৰাৰ মৃত্যু হৈছে আৰু ১০৩ টা কুকুৰাক নিধন কৰা হ’ব । সৰ্বোপৰি, তিনি হেজাৰ ৮৬৫ টা চৰাইক নিধন কৰা হ’ব। ইয়াৰ ভিতৰত আছে কুকুৰা, হাঁহ আৰু অন্যান্য চৰাই।

প্ৰশাসনে ফাৰ্মখনৰ চাৰিওফালে এক কিলোমিটাৰ ব্যাসাৰ্ধলৈকে অঞ্চলটোৰ য’ত ভাইৰাছটো পোৱা গৈছে তাৰ সকলো চৰাই নিধন কৰাৰ সিদ্ধান্ত লৈছে । অঞ্চলটো ‘আক্ৰান্ত অঞ্চল ‘ হিচাপে চিনাক্ত কৰা হৈছে ।

ইয়াৰ উপৰিও, ১০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলটো পৰ্যৱেক্ষণত ৰখা হ’ব। সদৰ চিকিৎসালয়ত এটা পৃথক ৱাৰ্ড সাজু কৰি ৰখা হৈছে।

Exit mobile version