Flight Ticket : বিমান বাতিল হ’লে কেনেদৰে ঘূৰাই পাব টিকটৰ সম্পূৰ্ণ খৰচ?

images 9

Flight Ticket :

বুকিং কৰক এই উপায়েৰে ….

যিকোনো জৰুৰী চৰকাৰী কামৰ বাবে বা কেতিয়াবা কেৱল ভ্ৰমণৰ বাবে আমি বহুতেই বিমানেৰে যাত্ৰা কৰো। কিন্তু কেতিয়াবা জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হ’লে বিমান বাতিল হোবাৰ ঘটনা প্রায়েই ঘটে।

বিমান বাতিল হ’লে টিকটৰ আংশিক খৰচ এটা।ঘূৰাই পাব পাৰি যদিও সম্পূৰ্ণ খৰচ লাভৰ পৰা বঞ্চিত হয় যাত্রীসকল।কিন্তু যাত্রীসকলক এনে চিন্তাৰ পৰা মুক্ত কৰিবলৈ এইবাৰ পেটিএম নামৰ সংস্থাটোৱে লৈ আহিছে এক বিশেষ পণ্য সেৱা আঁচনি।

পেটিএম কেনচেল প্রটেক্ট নামৰ এইআঁচনিখন ক্ৰয় কৰিলে গ্রাহকে আগতীয়াকৈ টিকট বুকিং কৰা বিমান বাতিল হ’লেও সম্পূর্ণ ধন ঘূৰাই পাব পাৰিব। ইয়াৰ বাবে গ্রাহকে অনলাইন পেমেণ্ট সেৱা এপ পেটিএমৰ জৰিয়তে অনলাইন বিমানৰ টিকট বুকিং কৰিব লাগিব।

কেৱল সম্পূৰ্ণ টকা ঘূৰাই পোৱাই নহয়, টিকট বাতিলৰ বাবে কোনো অতিৰিক্ত চার্জ দিয়াৰো প্ৰয়োজন নাথাকিব পেটিএম কেনচেল প্রটেক্টৰ গ্ৰাহকৰ। শেহতীয়াকৈ পেটিএমে ঘোষণা কৰিছে যে সংস্থাটোৰ দ্বাৰা সদ্য মুক্তি প্রাপ্ত কেঞ্চেল প্রটেক্ট নামৰ পণ্য সেৱা আঁচনিৰ জৰিয়তে গ্ৰাহকে বাছ পৰিচালক বা বিমান সংস্থাই আৰোপ কৰা সেৱা বাতিলৰ চাৰ্জৰ পৰা মুক্ত হ’ব।

ইয়াৰ বাবে গ্রাহকে টিকট বুকিং কৰাৰ সময়ত পেটিএমৰ পৰা বিমানৰ টিকটৰ বাবে মাত্র ১৪৯ টকা আৰু বাছৰ টিকটৰ বাবে মাত্র ২৫ টকাৰ প্রিমিয়ামত ‘Cancel Protect’ ক্রয় কৰিব লাগিব।

পেটিএম কেনচেল প্রটেক্ট-এ কেনেকৈ কাম কৰে ?

পেটিএম কেনচেলৰ জৰিয়তে বিমান বাতিল হ’লে গ্রাহকে ১০০ শতাংশ ধন ঘূৰাই পাব পাৰিব। ইয়াৰ বাবে গ্রাহকে বিমান যাত্ৰাৰ ২৪ ঘণ্টা আগতে আৰু বাছ যাত্ৰাৰ চাৰি ঘণ্টা আগতে টিকট বাতিল কৰি সম্পূৰ্ণ ধন ঘূৰাই ল’ব পাৰিব। টিকট বাতিল কৰাৰ পাছত টকাখিনি পোনপটীয়াকৈ গ্ৰাহকৰ একাউণ্টত প্ৰৱেশ কৰিব।

গ্ৰাহকৰ বাবে একাধিক সুবিধা : কোম্পানীটোৱে এই এপটোত অন্যান্য বহুতো গ্রাহক অনুকূল পণ্য বৈশিষ্ট্যৰ প্ৰৱৰ্তন কৰিছে। ইয়াৰ ফলত ভ্ৰমণৰ বাবে বিমান, ৰেলগাড়ী আদিৰ টিকট বুকিং সৰল হৈ পৰিছে। ভাৰতীয় ভ্ৰমণকাৰীৰ এনে প্ৰয়োজনীয়তা পূৰণৰ বাবে টিকট বুকিঙৰ সুবিধাৰ লগতে এপটোৰ ব্যৱহাৰকাৰীসকলক ভ্রমণ বুকিঙৰ ক্ষেত্ৰত বৃহৎ অফাৰ আৰু ৰেহাইৰ সুবিধাও প্ৰদান কৰা হৈছে।

Exit mobile version