Snow Storm : তুষাৰপাতৰ লগতে প্ৰবল বৰষুণ ! বিদ্যুৎহীন কেলিফৰ্ণিয়াত বিপৰ্যস্ত জনজীৱন

1677386455 california

Snow Storm :

প্ৰবল তুষাৰপাত (Winter Storm) ৰ ফলত বিধ্বস্ত কেলিফৰ্ণিয়া (California) । নাই বিদ্যুৎ ,নাই পানী । স্বাভাৱিকতে, বিপৰ্যস্ত জনজীৱন ।

তুষাৰপাতৰ লগতে চলিছে প্ৰচণ্ড বৰষুণো । ফলস্বৰূপে, বান পৰিস্থিতিৰ সৃষ্টি হৈছে। লছ এঞ্জেলছত (Los Angeles) ৮৫ হেজাৰ ঘৰ বিদ্যুৎ বিহীন ।

সামগ্ৰিকভাৱে, পৰিস্থিতি উদ্বেগজনক। তাৰ উপৰি বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যতবাণী কৰিছে যে দেওবাৰৰ পৰা ধুমুহা বৃদ্ধি পাব।

লছ এঞ্জেলছত যোৱা ২৪ ঘণ্টাত পাঁচ ইঞ্চি বৰষুণ হৈছে। যিটো হৈছে ইয়াত বছৰি হোৱা বৰষুণৰ এক এক-তৃতীয়াংশ। এই পৰিমাণৰ বৰষুণৰ বাবে বহুতো ঠাই পানীত বুৰ হৈছে।

ইফালে, ধুমুহাৰ ফলত বহু ঠাইত লেম্পপোষ্ট উচ্ছেদ কৰা হৈছে। ফলস্বৰূপে, বহুতো ঘৰত বিদ্যুৎ সংযোগ নাই। ফলত, হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰি ঠাণ্ডাৰ কবলত পৰিছে অঞ্চলটোৰ বাসিন্দাসকল ।

এই পৰিস্থিতিত, অধিক আশংকাৰ খবৰ প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে । ৰাষ্ট্ৰীয় বতৰ সেৱাৰ মতে, কেলিফৰ্ণিয়াত আন এটা তুষাৰপাত আৰম্ভ হ’বলৈ ওলাইছে। ফলস্বৰূপে, ছিয়েৰা নাভাদাত দেওবাৰে পুনৰ প্ৰচণ্ড তুষাৰপাতৰ হ’ব।

Exit mobile version