Encounter : অৱশেষত ডিম্বেশ্বৰৰ পৰিয়ালৰ আৱেদনত খান্দি উলিওৱা হ’ল মৃতদেহ

WhatsApp Image 2023 02 25 at 21.24.53

Encounter :

অৱশেষত চাৰি দিনৰ অন্তত খান্দি উলিওৱা হ’ল শুক্ৰবাৰে ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত দৈফাং নলবাৰীত আৰক্ষী-ডকাইটেৰে হোৱা সংঘৰ্ষত নিহত হোৱা লোকজনৰ মৃতদেহ।

বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত জেংৰেংপাৰাৰ নিৱাসী ডিম্বেশ্বৰ মোছাহাৰী নামৰ লোকজনৰ পত্নী তথা পৰিয়ালৰ দাবীৰ ভিত্তিত আদালতৰ নিৰ্দেশমৰ্মে ওৰাঙৰ পানবাৰীৰ পাঁচনৈ নদীৰ পাৰত পুতি ৰখা মৃতদেহটো সন্ধিয়া প্ৰায় ৬-২৫ মান বজাত দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হয়।

ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত থকা ডিম্বেশ্বৰৰ পৰিয়ালৰ লোকে মৃতদেহটো এশ শতাংশই ডিম্বেশ্বৰৰ বুলি দাবী কৰে।

ডিম্বেশ্বৰৰ ককায়েকে কয় যে “আমি মৃতদেহটো চাই এশ শতাংশই নিশ্চিত কৰিছো যে এইয়া ডিম্বেশ্বৰৰ মৃতদেহ হয়। ডিম্বেশ্বৰে যি পোচাক পিন্ধি ঘৰৰ পৰা আহিছিল বা যি পোচাক পিন্ধা ফোটো দেখা গৈছিল, সেই পোচাক তথা জেকেট এতিয়াও মৃতদেহটোতে আছে। এতিয়া মই ন্যায় বিচাৰো। আমাক ন্যায় লাগে। প্ৰশাসনে মৃতদেহটো ৭২ ঘণ্টাৰ বাবে মৰ্গত ৰখাৰ কথা ঘোষণা কৰিছে। লগতে মৃতদেহটোৰ ডিএনএ পৰীক্ষা কৰাৰ কথা প্ৰশাসনে আমাক জনাই কাইলৈ আমাক চিকিৎসালয়লৈ মাতি পঠিয়াইছে। মই আজি আৰক্ষী প্ৰশাসনৰ সন্মুখতো এয়া ডিম্বেশ্বৰৰ মৃতদেহ বুলিয়েই জনাইছো। ডিম্বেশ্বৰৰ পুত্ৰইও নিজৰ পিতৃৰ মৃতদেহ চিনাক্ত কৰিছে।”

Exit mobile version