Nagaland Assembly Election : দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে শান্তিপূৰ্ণভাৱে সম্পন্ন নাগালেণ্ডৰ ভোট গ্ৰহণ

তিনি বজালৈকে ভোটদানৰ হাৰ ৭২.৯ শতাংশ

a8dde907 f702 4567 9ba9 29dea3ff9f5f

Nagaland Assembly Election :

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা সাত বজাৰ পৰা আৰম্ভ হয় । নাগালেণ্ডৰ মুঠ ৫৯ সমষ্টিত পুৱাৰে পৰা ভোটদান কৰিবৰ বাবে ভোটাৰ সকলে শাৰি পাতি থকা দেখা যায় ৷

আনহাতে দুই এটা বিক্ষিপ্ত ঘটনাৰ বাদে আজি শান্তিপূৰ্ণভাৱে নাগালেণ্ডত সম্পন্ন হয় ৰাজ্য বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । অৱশ্যে ইয়াৰ মাজতেই সংঘটিত হয় নিৰ্বাচন কেন্দ্ৰিক সংঘাত। ৪০ নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’কত গুলীবৰ্ষণৰ ঘটনা হয়।

এন পি পি আৰু এন পি এফৰ সদস্যৰ মাজত সৃষ্টি হয় সংঘৰ্ষ। এন পি এফৰৰ সমৰ্থকে এন পি পি কৰ্মীক গুলীয়াই আহত কৰাৰ অভিযোগ

এন পি এফৰ প্ৰাৰ্থী এছুমেবো কিকনৰ সমৰ্থকে গুলী বৰ্ষণ কৰাৰ অভিযোগ। ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰাপ্ত খবৰ অনুসৰি ৪০ নং ভণ্ডাৰী সমষ্টিৰ অন্তৰ্গত বাঘটি টাউন ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ উপস্থিত হোৱাৰ পাছতে নাগালেণ্ড পিপলছ ফ্ৰণ্টৰ সমৰ্থসকলে বিজেপি সমৰ্থকসকলক ভোটগ্ৰহণ কেন্দ্ৰটোত প্ৰবেশ কৰিবলৈ বাধা প্ৰদান কৰে । ফলত কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।

পৰিস্থিতি অধিক বেয়া ফাললৈ গতি কৰাত ততাতৈয়াকৈ আছাম ৰাইফলছৰ জোৱান মোতায়েন কৰা হয় । ইয়াৰ পিছত ছেক্টৰ বিষয়া উপস্থিত পৰিস্থিতি বুজ লয় । ইফালে নাগালেণ্ড পিপলছ সমৰ্থকসকলে বৰ্তমানলৈকে কোনে লোককে ভোটগ্ৰহণ কেন্দ্ৰটো সম্পূৰ্ণ গেটৰ সন্মুখভাগ অৱৰোধ কৰি ৰাখিছে। একাংশ এন পি এফৰ সমৰ্থকে চিঞৰি চিঞৰি বিজেপি গ’ বেক ধবনি দি পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছিল৷।

ৰাজ্য বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৩,১৭,৬৩২ গৰাক । ইয়াৰে ৬,৬১,৪৮৯ জন পুৰুষ আৰু ৬,৫৬,১৪৩ জন মহিলা।

মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ১৮২ জন প্ৰাৰ্থীয়ে৷ আনহাতে ঝুনহেবোটো জিলাৰ আকুলুটো আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল বিজেপিৰ প্ৰাৰ্থী তথা বহা বিধায়ক কাজেটো কিনিমিয়ে৷

আজি ভোট গ্ৰহণ প্ৰক্ৰিয়াত প্ৰিজাইডিং আৰু পুলিং বিষয়া হিচাপে ভাগ লৈছে ১১,৫৭৭ জনে । ৫৯খন বিধানসভাৰ সমষ্টিৰ বাবে ২২৯১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে।

স্মতৰ্ৱ্য যে ৱাখা জিলাৰ ভাণ্ডাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বনিম্ন ৭১ টাত ভোটাৰ থকাৰ বিপৰীতে ৩৮৭ টা মহিলা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

মনকৰিবলগীয়া যে ৰাজ্যৰ ভোটকেন্দ্ৰসমূহত কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ ৩০০ৰো অধিক কোম্পানী আৰু ১১০০০ ৰাজ্যিক আৰক্ষী জোৱান নিয়োজিত কৰা হৈছে। ৰাজ্যৰ ৭২০টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ আৰু ৭৭৭টাত অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছিল ৷

এইবাৰ নিৰ্বাচনত পুনৰ শাসকীয় এন ডি পি পি আৰু বিজেপিয়ে পুনৰ জোটবন্ধন কৰি দলে ক্ৰমে ৪০ আৰু ২০ আসনত আসনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছে ৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তথা এন পি পিৰ শীৰ্ষ নেতানেইফিউ ৰিঅ-এ কয়, সম্পূৰ্ণ ১০০ শতাংশ নহ’লেও ৭২.৯ শতাংশ ভোটদানেৰে ইতিহাস ৰচিলে নাগালেণ্ডে । ইয়াৰ পূৰ্বে কাহানিও প্ৰত্যক্ষ কৰা হোৱা নাছিল ৰাইজৰ ৰ‍াজনীতিৰ প্ৰতি এনে বৃহৎ সমৰ্থন । এই বৃহৎ সংখ্যক ভোটেৰে অতি শীঘ্ৰেই নাগা ৰাজনৈতিক সমস্যাৰ সমাধান হ’ব বুলি উল্লেখ কৰে৷

Exit mobile version