Akhil Gogoi Appears Before Nia Court Again:
ৰাষ্ট্ৰীয় অনুসন্ধান সন্থা ‘নিয়া’ৰ আদালতত পুনৰ হাজিৰ হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ একেদৰে আদালতত হাজিৰ হয় বিতু সোণোৱাল, মানস কোঁৱৰ আৰু ধৈৰ্য্য কোঁৱৰ ৷
ADVERTISEMENT
অখিল গগৈ সহ আটাইকেই গৰাকী নিয়া আদালতত হাজিৰ হোৱাৰ পাছত আদালতে পুনৰ হাজিৰৰ দিন ধাৰ্য কৰে ন মাৰ্চ | উল্লেখ্য যে, অখিল গগৈৰ বিৰুদ্ধে পুনৰ গোচৰ চলোৱাৰ বাবে নিয়া’ক অনুমতি দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।
আনহাতে সাময়িকভাৱে অখিল গগৈক তিনি মাৰ্চলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি এক নিৰ্দেশনা দিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷ উল্লিখিত দিনা ন্যায়ালয়ত হ’ব শিৱসাগৰৰ বিধায়কজনৰ জামিনৰ শুনানি ৷
এনেক্ষেত্ৰত ন মাৰ্চত গগৈৰ জামিন আবেদন দেশৰ শীৰ্ষ আদালতে নাকচ কৰিলে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়কজন ৷