Meghalaya CM Conrad Sangma Meets Himanta Biswa Sarma : ভোট গণনালৈ এটা দিন বাকী থকা অৱস্থাত

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সাক্ষাৎ ড:হিমন্ত বিশ্ব শৰ্মাক !

a0a65db3 507d 480e 9984 2b3b181b2035

Meghalaya CM Conrad Sangma Meets Himanta Biswa Sarma :

বৃহস্পতিবাৰে উত্তৰ -পূৰ্বৰ তিনি পাৰ্বত্য ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ ভোট গণনালৈ এটা দিন থকা অৱস্থাত ঘটনাক্ৰমে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মঙলবাৰে গুৱাহাটীলৈ আহি নিশা সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক ৷

গুৱাহাটীৰ এখন বিলাসী হোটেলত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত দুয়োজন নেতা ৷ উল্লেখ্য যে,বিগত পাঁচটা বছৰ মেঘালয়ত এনপিপি নেতৃত্বত মেঘালয় ডেমক্ৰেটিক এলায়েন্সত অংশীদাৰ হৈ বিজেপিৰ আৰু এন পি পিয়ে চলাইছিল মিত্ৰজোঁটৰ চৰকাৰ ৷ কিন্ত সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত দুয়ো দলে মিত্ৰতা ভংগ কৰি সুকীয়া সুকীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৷

মনকৰিবলগীয়া যে,মুখ্যমন্ত্ৰী :ড:হিমন্ত বিশ্ব শৰ্মা নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডা’ৰ মুখ্য আহ্বায়ক ৷ নেডাত এন পি পি সহ আটাইকেইটা উত্তৰ পূৰ্ব আঞ্চলিক দল অংশীদাৰ হৈ আছে ৷

আনহাতে মেঘালয়,ত্ৰিপুৰা আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব বৃহস্পতিবাৰে ৷ ইতিমধ্যে ৰাষ্ট্ৰীয় কে’বাটাও সংবাদ গোষ্ঠীয়ে এক সমীক্ষাত ত্ৰিপুৰা আৰু নাগালেণ্ডত এন ডি এ শাসনলৈ অহাৰ বিপৰীতে মেঘালয়ত পুনৰ এন পিপি চৰকাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে যদিও নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা নাই এন পি পিৰ ৷

কিন্ত মুখ্যমন্ত্ৰী শৰ্মাই ত্ৰিপুৰা, নাগালেণ্ড বা মেঘালয়ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে এন ডি এ চৰকাৰ গঠন কৰাৰ ইংগিত দিয়ে ৷অৰ্থাৎ মেঘালয়ত পুনৰ এন পিপি আৰু বিজেপিয়ে মিত্ৰজোঁট বান্ধি চৰকাৰ গঠন কৰিব ৷

Exit mobile version