N E F Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইখনমান ৰেলৰ সময়সূচীৰ সংশোধন

মুম্বাই আৰু গুৱাহাটীৰ মাজত ৱান ৱে বিশেষ ৰে'ল

ca2ed4e1 a5d1 4398 a695 61d2069f9cc6

N E F Railway :

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অধীনত কেইখনমান ৰেলৰ সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি ৰেল নং ১৫৯০৮ নাহৰলগুন- তিনিচুকীয়া ইণ্টাৰচিটি এক্সপ্ৰেছ, ৰেল নং ১৫৯০৩ ডিব্ৰুগড়- চণ্ডীগড় আৰু ৰেল নং ১৫৯৩৩ নিউ তিনিচুকীয়া- অমৃতসৰ এক্সপ্ৰেছৰ সময় সংশোধন কৰা হৈছে যাতে এই সংমণ্ডলত অন্যান্য ৰেল উন্নতভাৱে চলাচল কৰিব পাৰে।

ইয়াৰ উপৰিও, ৰেল নং ১৫৭৭০ লামডিং-আলিপুৰদুৱাৰ জংচন ইণ্টাৰচিটি এক্সপ্ৰেছৰ সময়সূচীৰ সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে চলিত বৰ্ষৰ ১ মাৰ্চত ছত্রপতি শিৱাজী টার্মিনাচ আৰু গুৱাহাটীৰ মাজত এখন ৱান ৱে ৰেল সিদ্ধান্ত গ্রহণ কৰা হৈছে। বিস্তৃত তথ্য নিম্ন অনুসাৰে দিয়া হ’ল :-ৰঙিয়া আৰু তিনিচুকীয়া মণ্ডলৰ অধীনত ৰেল নং ১৫৯০৮ নাহबলণ্ডন তিনিচুকীয়া ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখন ২৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সতে বর্তমানে সপ্তাহত পাঁচদিন চলি আছে।

ৰেলখন সংশোধিত সময়সূচীৰ সৈতে নাহৰলগুনৰ পৰা ০৬:০০ বজাত যাত্ৰা আৰম্ভ কৰি তিনিচুকীয়াত ১১.০০ বজাত উপস্থিত হয়। ৰে’লখনৰ সময়সূচী হামতী, উত্তৰ লখিমপুৰ, বগীনদী, গোগামুখ, বৰদলনি, ধেমাজি, ডিব্ৰুগড় আৰু নিউ তিনিচুকীয়া ষ্টেচনতো সলনি কৰা হৈছে। ৰেল নং, ১৫৯০৭ তিনিচুকীয়া- নাহৰলগুন ইণ্টাৰচিটি এক্সপ্ৰেছৰ সময় অপৰিৱৰ্তিত থাকিব ।

লামডিং, ৰঙিয়া আৰু আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ ৰেল নং ১৫৭৭০ লামডিং – আলিপুৰদুৱাৰ জন (দৈনিক) ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখন ২৮ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সৈতে চলিব।

ৰে’লখনে লামডিঙৰ পৰা ১৫:৩০ বজাত যাত্রা আৰম্ভ কৰি ১৯.৩০ বজাত সংশোধিত সময়সূচীৰ সৈতে কামাখ্যাত গৈ উপস্থিত হ’ব। লংকা, হোজাই, যমুনামুখ, কামপুৰ, চাপৰমুখ, জাগীৰোড, ডিগাৰু আৰু গুৱাহাটী ষ্টেচনতো ৰেলখনৰ সময়সূচীৰ পৰিৱৰ্তন কৰা হৈছে।

কামাখ্যাৰ বাহিৰে আলিপুৰদুৱাৰ জংচনলৈকে এই ৰেলখনৰ সময় অপৰিৱৰ্তিত থাকিব।ৰেল নং ১৫৯৩৩ নিউ তিনিচুকীয়া জংচন অমৃতচৰ (সাপ্তাহিক) এক্সপ্ৰেছ আৰু ৰেল নং ১৫৯০৩ ডিব্ৰুগড় চণ্ডীগড় (দ্বি-সাপ্তাহিক) এক্সপ্ৰেছ ক্ৰমান্বয়ে ২৮ ফেব্ৰুৱাৰী আৰু ৩ মার্চৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধিত সময়সূচীৰ সতে চলিব। ৰেল নং ১৫৯০৩ ৰ প্ৰস্থানৰ সময় ডিব্ৰুগড়ভ ০৯.২০ বজা ৰূপে সলনি কৰা হৈছে। দুয়োখন ৰে’লৰ সময়সূচী নিউ তিনিচুকীয়া, শিমলুগুড়ী, মৰিয়নি, ফৰকাটিং, ডিমাপুৰ, ডিফু, লামডিং আৰু গুৱাহাটী ষ্টেচনতো সলনি কৰা হৈছে। গুৱাহাটীৰ বাহিৰে আৰু লগতে আন্ত:- সংমণ্ডনীয় সময়সূচী অপৰিৱৰ্তিত থাকিব।

তদুপৰি, বিশেষ ৰেল নং ০১৪৯০, ১ মার্চত ০০.৩০ বজাত ছত্রপতি শিবাজী টার্মিনাচৰ পৰা প্ৰস্থান কৰি ৩ মাৰ্চত ০৫.৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ’বহি।

এই বিশেষ ৰেলখনত ১৯ টা ডবা থাকিব। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰেলখনত এটি ৩-টায়াৰ শ্লিপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ডবা থাকিব। প্রতীক্ষাসূচীৰ যাত্ৰীসকলেও এই সুযোগটো লাভ কৰিব পাৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু এনটিই এছড উপলব্ধ আছে আৰু বিভিন্ন বাতৰি কাকত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাবলৈ অনুৰোধ জনায় উত্তৰ পূৰ্ব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থ মুখ্য কাৰ্যালয়ে ।

Exit mobile version