Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

WhatsApp Image 2023 03 01 at 14.02.09

Zeenat Aman :

তেওঁলোকৰ যৌৱনত কোনো সামাজিক মাধ্যম নাছিল। এতিয়া প্ৰযুক্তিৰ কল্যাণত মানুহৰ পাৰস্পৰিক যোগাযোগৰ ক্ষেত্ৰত সামাজিক মাধ্যম আটাইতকৈ ডাঙৰ পৰিসৰ হৈ পৰিছে।

প্ৰবীণ অভিনেত্ৰী জিনাত আমানে বিগত ১১ ফেব্ৰুৱাৰীত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট খুলিছে। অনুৰাগীসকলে তেওঁৰ পোষ্ট অতি আগ্ৰহেৰে চাইছে। মন্তব্য কৰিছে, প্ৰতিক্ৰিয়া জনাইছে ।

কিয় এই বয়সত ইনষ্টাগ্ৰামত সক্ৰিয় হৈছে জিনাত ?

অভিনেত্ৰীগৰাকীয়ে জনালে , ইনষ্টাগ্ৰামত তেওঁৰ উপস্থিতিক অৰ্থপূৰ্ণ কৰিব বিচাৰে। অৰ্থাৎ, তেওঁ কেৱল একাউণ্টটো খুলিয়ে ৰাখিব বিচৰা নাই , তেওঁ কিছুমান জৰুৰী প্ৰয়োজনীয়তাৰ বাবে সক্ৰিয় হ’বও বিচাৰে।

মাত্ৰ কিছুদিনৰ ভিতৰতে, তেওঁৰ ইনষ্টাগ্ৰামত ৮০ হেজাৰ অনুসৰণকাৰী অতিক্ৰম কৰিছে। অভিনেত্ৰীগৰাকীয়ে জনাই যে তেওঁ সামাজিক মাধ্যমত কিছুমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিচাৰে।

‘ সত্যম শিবম সুন্দৰম ‘ ৰ অভিনেত্ৰী জিনাতে কয়,”মই মোৰ পুত্ৰৰ স’তে ইনষ্টাগ্ৰামত থকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰি আছিলো। কেৱল মোৰ কাম স্মৃতি শ্বেয়াৰ কৰাই নহয়, লগতে মই কেনেদৰে মোৰ উপস্থিতিক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিব পাৰোঁ, মই কিছুমান বিষয় আৰু ঘটনাৰ ওপৰত আলোকপাত কৰিব বিচাৰো যাৰ সামগ্ৰিকভাৱে সমাজত কোনো অৰ্থ আছে।”

অভিনেত্ৰী গৰাকীয়ে ইতিমধ্যে পশু কল্যাণৰ ওপৰত তেওঁৰ কিছু চিন্তা ভাগ বতৰা কৰিছে। অভিনেত্ৰীগৰাকীয়ে ইমান সংখ্যক অনুৰাগীৰ মন্তব্য, প্ৰতিক্ৰিয়া আদিৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছে ।

তেওঁ লিখিছে, “মন্তব্য কৰা সকলোকে পৃথক উত্তৰ দিয়াটো মোৰ বাবে সম্ভৱ নহয়, কিন্তু মই সকলো দেখিছো, মই আপোনালোকৰ মন্তব্যৰ প্ৰশংসা কৰো। মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো । ”

জিনাতক ‘ দ্য কুলেষ্ট’ বুলি মন্তব্য কৰিছে অভিনেত্ৰী শিল্পা চেট্টীয়ে । দুদিন আগতে ফিৰোজ খানৰ ‘কুৰবানী’ৰ ছেটৰ পৰা কিছু দৃশ্য শ্বেয়াৰ কৰিছে জিনাতে । তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টে এতিয়া মনোৰঞ্জন জগতৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে।

Exit mobile version