Agnipariksha : নবৌয়েকৰ স’তে’ অবৈধ সম্পৰ্ক’ নাই , প্ৰমাণ দিবলৈ সীতাৰ দৰে অগ্নিপৰীক্ষা দিলে এইজন যুৱকে !

1677750783 telengana man

Agnipariksha :

নবৌয়েকৰ স’তে অবৈধ সম্পৰ্ক নাই। সেই কথা প্ৰমাণ কৰিবলৈ অগ্নী পৰীক্ষা দিলে তেলেংগানাৰ এজন যুৱকে । বনজাৰুপল্লীত সংঘটিত হৈছে এই ঘটনা ।আৰক্ষীৰ ওচৰতো দাখিল কৰা হৈছে অভিযোগ।

পত্নীৰ স’তে ভাতৃৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহ ককায়েকৰ । সেই বিষয়ে পঞ্চায়তক অৱগত কৰিলে ককায়েকে । কিন্তু সম্পৰ্কটো মানি ল’বলৈ অস্বীকাৰ কৰে ভাতৃয়ে ।

বহুচিন্তাকৰাৰ পাছত, সিদ্ধান্ত লোৱা হয় যে তেওঁলোক দুয়োৰে মাজত যে কোনো অবৈধ সম্পৰ্ক নাই সেইয়া প্ৰমাণ কৰিবলৈ অগ্নি পৰীক্ষা দিব লাগিব ভাতৃয়ে । গাওঁবাসীৰ প্ৰস্তাৱত সন্মত হ’ল অভিযুক্ত ভাতৃ। তাৰ পাছতে আৰম্ভ অগ্নিপৰীক্ষাৰ প্ৰক্ৰিয়া ।

গাঁৱৰ মুৰব্বীৰ দাবী , অগ্নিপৰিক্ষাত সফল হ’লেই প্ৰমাণিত হ’ব যে নবৌয়েকৰ লগত দেওৰেকৰ কোনো অবৈধ সম্পৰ্ক নাই বুলি কোৱা ভাতৃৰ দাবী সত্য ।

ভাইৰেল হৈ পৰা অগ্নিপৰিক্ষাৰ ভিডিঅ’টোত দেখা পোৱা গৈছে যে , যুৱকজনক খালী গাৰে এটা জুইৰ দমৰ চাৰিওফালে কে’বাবাৰো ঘুৰিছে। তাৰ পাছত, জুইৰ ভিতৰত থকা এডাল লোহাৰ ৰড তুলি লয় হাতেৰে দলিয়াই দিয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, যুৱকজনৰ পৰীক্ষাত সন্তুষ্ট নহয় গাওঁবাসী। তেওঁলোকে যুৱকজনক ভুলটো স্বীকাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে ।

ইয়াৰ পাছত, যুৱকজনৰ পত্নীয়ে আৰক্ষীৰ কাষ চাপে। এই সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া এতিয়াও জনা হোৱা নাই।

Exit mobile version