Diabetes : ডায়েবেটিচৰ লক্ষণ মহিলা আৰু পুৰুষ ভেদে বেলেগ বেলেগ , জনিছে গৱেষণাই

WhatsApp Image 2023 03 02 at 14.18.23

Diabetes :

বহুলোকে ভাবে যে উচ্চ ৰক্তচাপ, ডায়েবেটিচৰ দৰে ৰোগৰ লক্ষণসকলোৰ সকলোৰে বাবে একে। কিন্তু শেহতীয়া গৱেষণাই দেখুৱাইছে যে ৰোগৰ প্ৰকাৰ বা ধৰণ একে হ’লেও, মহিলা বা পুৰুষৰ ক্ষেত্ৰত লক্ষণবোৰ সলনি হ’ব পাৰে।

সাধাৰণতে, ডায়েবেটিচৰ ক্ষেত্ৰত, বেছিভাগ ৰোগীৰ বহুমূত্ৰৰ সমস্যা দেখা যায় । ডিঙি শুকাই যোৱা, প্ৰস্ৰাৱ কৰাত সমস্যা । মুঠতে, এইবোৰ হৈছে ডায়েবেটিচৰ আটাইতকৈ লক্ষ্যণীয় লক্ষণ।

ইয়াৰ পৰা মুক্তি পুৱাৰ উপায় কি?

চিকিৎসকৰ মতে, এই লক্ষণবোৰৰ বাহিৰেও, আন কিছুমান লক্ষণ আছে যিবোৰ কেৱল মহিলাসকলৰ ক্ষেত্ৰতহে অধিক সচৰাচৰ হয়।

ডায়েবেটিচ থকা মহিলাৰ মূত্ৰনলীৰ সংক্ৰমণ, যৌনাংগ সংক্ৰমণ আৰু হৃদৰোগ হোৱাৰ আশংকা পুৰুষৰ তুলনাত চাৰি গুণ বেছি ।কেৱল সেয়াই নহয়, , অনিয়ন্ত্ৰিত ডায়েবেটিচ থাকিলে অনিয়মিত ঋতুচক্ৰৰ দৰে অনিহা দেখা যায় ।

পুষ্টিবিদসকলৰ মতে, অনিয়ন্ত্ৰিত ডায়বিটিছ নিয়ন্ত্ৰণত আনিবলৈ খাদ্য সময় আৰু খাদ্যৰ ধৰণ , এই দুটা বিষয়ৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব লাগিব । যিহেতু মহিলাসকলৰ সংক্ৰমণজনীত সমস্যাসমূহ বেছি, সেয়েহে তেওঁলোকক সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এনে ধৰণৰ খাদ্য অধিক খোৱাৰ পৰামৰ্শ দিয়ে ।

ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ কম চেনীযুক্ত খাদ্য খোৱা আৰু যৌনাঙ্গ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটোও গুৰুত্বপূৰ্ণ।

ডায়েবেটিচ থকা মহিলাৰ হৃদ আক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক নেকি?

যদি ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হয়, হৃদৰোগ সম্পৰ্কীয় জটিলতাও বৃদ্ধি হ’ব পাৰে। কিয়নো, যদি এই ৰক্ত শৰ্কৰাৰ স্তৰ দীঘলীয়া সময়ৰ বাবে অনিয়ন্ত্ৰিত অৱস্থাত থাকে, ৰক্তনলীবোৰ ক্ষতিগ্ৰস্ত হয়।

ফলস্বৰূপে, ধমনীবোৰৰ মাজেৰে তেজ নিয়ন্ত্ৰণহীনভাৱে প্ৰবাহিত হয়, ৰক্তচাপ বৃদ্ধি হয়। তাৰ পৰা, হৃদআক্ৰমণৰ আশংকা বৃদ্ধি হয়।

Exit mobile version