Nagaland Election Result Update :নাগালেণ্ড বিধানসভাই লাভ কৰিলে প্ৰথমগৰাকী মহিলা বিধায়িকা

5e5c88f4 1209 47ca 9db6 705294d92fbb

Nagaland Election Result Update :

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ আজি ভোট গণনাৰ অন্তৰ ৰাজ্য খনে লাভ কৰিলে প্ৰথম গৰাকী মহিলা বিধায়ক ৷ৰাজ্য গঠনৰ ৬০ টা বছৰৰ পাছত ডিমাপুৰ-তৃতীয় আসনৰ পৰা এন ডি পি পিৰ প্ৰাৰ্থী হিচাপে বিজয়ী হয় হেকানী জাখালুৱে ।

উল্লেখ্য যে,৬০ জনীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা হোৱা মুঠ ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থী আছিল চাৰিগৰাকী। এই প্ৰাৰ্থী কেইগৰাকীৰ ভিতৰত অন্যতম আছিল অধিবক্তা জাখালু।

নিৰ্বাচনত জাখালুৱে লোক জনশক্তি পাৰ্টিৰ আজেটো জিমোমীক পৰাভূত কৰি বিধানসভালৈ নিৰ্বাচিত হৈ এক অভিলেখ ৰচিবলৈ সক্ষম হয়।

মনকৰিবলগীয়া যে,হেকানী জাখালুৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

বাতৰি যুগুত কৰালৈকে ভোট গণনাত নাগালেণ্ডত শাসকীয় এন ডি পি পি-বিজেপি মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷

এতিয়ালৈকে এন ডি পি পিয়ে ২৪,বিজেপি ১২ ,এন পি পি ৫ ,এন চি পি ৭ আৰু অন্যান্য ১২ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ ৰাজ্যখনত ধূলিসাৎ হয় কংগ্ৰেছ ৷

Exit mobile version