Philippines : ফিলিপাইন্সত মাংসতকৈ অধিক মহঙা হ’ল পিঁয়াজ, ১২০০ টকাত হৈছে বিক্ৰী

WhatsApp Image 2023 03 02 at 15.19.20 1

Philippines :

বিশ্বৰ বহু দেশত সম্প্রতি খাদ্যদ্রব্যৰ অত্যধিক মূল্যবৃদ্ধি অব্যাহত আছে। খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ ফলত জনসাধাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে ।

শ্রীলংকা,পাকিস্তানৰ পাছত মূল্যবৃদ্ধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ফিলিপাইন্সত । দেশখনত সম্প্রতি পিঁয়াজৰ মূল্যই নাগৰিকসকলক চকুলো টুকিবলৈ বাধ্য কৰাইছে ।

ফিলিপাইন্সত এপ্রিল’ ২০২২ৰ তুলনাত পিঁয়াজৰ মূল্য প্রায় এহেজাৰ টকা বৃদ্ধি পালে। দেশখনত মুদ্রাস্ফীতিৰ হাৰো ১৪ বছৰৰ পাছত সৰ্বাধিক হ’ল ।

সম্প্রতি ফিলিপাইন্সৰ বজাৰত প্ৰতি কিলো পিঁয়াজ ৮০০ পেছ’ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১২০০ টকাত বিক্রী হৈছে। বিগত ১০ মাহ ধৰি দেশখনত পিঁয়াজৰ দ্ৰুত মূল্যবৃদ্ধি অব্যাহত আছে ।

ফিলিপাইন্সবাসীয়ে এতিয়া কুকুৰাৰ মাংস, ছাগলীৰ মাংসৰ তুলনাত অধিক মূল্যৰে পিঁয়াজ ক্ৰয় কৰিবলগীয়া হৈছে ।

Exit mobile version