Sonu Sood :  অসমত ৰিয়েল হিৰ’ ছনু সুদ

কোকৰাঝাৰৰ আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত ডিঙিত আৰনাই লৈ নাচিলে বিহু

b057a840 0a37 4bc2 8891 eded0fc8fe00

Sonu Sood :

তলাবন্ধৰ সময়ত বিপদ পৰা লোক সকলৰ বাবে দেৱদূত হৈ পৰা ৰিয়েল হিৰ’ খ্যাত বলিউদৰ জনপ্ৰিয় অভিনেতা ছনু সুদ কোকৰাঝাৰত উপস্থিত হয় ৷

কোকৰাঝাৰত বি টি আৰৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত আজিৰ মুল কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশ লৈ অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে অভিনেতা গৰাকী।

ৰিয়েল’হিৰ গৰাকীক ৰাজহুৱাভাৱে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰে আদৰণি জনায় ৷ মঞ্চত উপস্থিত হোৱাৰ পাছতে তেওঁৰ সন্মানাৰ্থে প্ৰস্তুত কৰা জাতি- জনগোষ্ঠীয় সন্মিলিত বিহু নৃত্যানুষ্ঠানত ছনু চুদে ডিঙিত আৰনাই লৈ শিল্পীসকলৰ স’তে ঢোলৰ চেৱত কঁকাল ভাঙি নাচে ৷

তেওঁক কাষতে পাই হেজাৰ হেজাৰ অনুৰাগী উৎফুল্লিত হৈ পৰে ৷ ভাষণ প্ৰসংগত তেওঁ কোকোৰাঝাৰৰ বাৰে ৰহণীয়া
সংস্কৃতিৰ সমাহাৰ দেখি আপ্লুত হয় বুলি উল্লেখ কৰে ৷ভাষণৰ আৰম্ভণি বড়ো ভাষাৰ পংক্তিৰে আৰম্ভ কৰাত উপস্থিত ৰাইজে জয়ধ্বনি দিয়ে চনু চুদক ৷

Exit mobile version