Tripura: প্ৰথম বাৰৰ বাবে আত্মপ্ৰকাশ কৰিয়ে চমক সৃষ্টি তিপ্ৰা মাথাৰ

বিৰোধীৰ আসনত নে,চৰকাৰৰ অংশীদাৰ হ'ব তিপ্ৰাৰ

70c0d631 5275 4355 8cf5 e44bd9976c5e

Tripura :

কা’আন্দোলনৰ জৰিয়তে ত্ৰিপুৰী জনগোষ্ঠীৰ স্বাধিকাৰৰ বাবে অবিৰত সংগ্ৰাম কৰি অহা ত্ৰিপুৰী ৰজা প্ৰদ্যোৎ মাণিক্য দেৱবৰ্মাৰ নেতৃত্বত গঠন কৰা তিপ্ৰা মথা পাৰ্টীয়ে প্ৰথম বাবে ৰাজ্য বিধানসভা নিৰ্বাচনত অংশ লৈ বৃহৎ শক্তি হিচাপে পৰিগণিত হয় ৷

আনকি তৰুণ আঞ্চলিক দলটোৱে ত্ৰিপুৰাত পূৰ্বতে ধাৰাবাহিকভাৱে শাসনৰ গাদীত বহা বাওঁ দলকো অতিক্ৰম কৰি এক প্ৰকাৰ চমক সৃষ্টি কৰে ৰাজ্য ৰাজনীতিত ৷

আজি নিৰ্বাচনৰ ফলাফলত শেহতীয়া খবৰ অনুসৰি বিজেপি- আই পি এফ টিয়ে জোঁটে ৩৩, চিপিআই( এম) য়ে ১২খন, কংগ্ৰেছ তিনি খন তিপ্ৰা মাথা ১৩ খন ৷

উল্লেখ্য যে,নিৰ্বাচনৰ পূৰ্বে বিজে পি বিৰোধী স্থিতি গ্ৰহণ কৰা প্ৰদ্যোৎ মাণিক্য দেৱবৰ্মাৰ স’তে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সঘনাই যোগাযোগ অব্যাহত ৰাখিছে ৷

তিপ্ৰা মাথাৰ মুল দাবী তিপ্ৰালেণ্ড সহ আন কে’বাটাও দাবীৰ কথা বিজেপি নেতৃত্বৰ ওচৰত উদ্থাপন কৰিছে যদিও প্ৰাপ্ত তথ্য মতে,তিপ্ৰালেণ্ড দাবীটোক বাদ দি বাকী সকলো দাবী মানি লৈছে বিজেপিয়ে ৷

স্মতৰ্ৱ্য যে প্ৰথমবাৰৰ বাবে আত্ম প্ৰকাশ কৰি চমক সৃষ্টি কৰা তিপ্ৰা মাথাই বিৰোধীৰ আসনত বহিবনে নে চৰকাৰৰ অংশদাৰ হ’ব ৷ ইয়াকে লৈ ত্ৰিপুৰাত ৰাজনীতি বতাহ গৰম হৈ থকাৰ মাজতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তিপ্ৰা মাথাৰ প্ৰায়বোৰ দাবী মানি লোৱাৰ সেউজ সংকেত দিয়াত বিজেপি-আই পি এফ টিয়ে জোঁটৰ চৰকাৰৰ অংশীদাৰ তিপ্ৰা মাথা পাৰ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

ইপিনে উত্তৰ -পূৰ্বৰ দুই পাৰ্বত্য ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ত পুনৰ বিজেপি মিতজোঁটৰ চৰকাৰ
হোৱাটো খাটাং হৈ পৰিছে৷ এই পৰ্যন্ত দুয়ো ৰাজ্যৰ শেহতীয়া ফলাফল এনেধৰণৰ ৷

#মেঘালয়:
এন পি পি–২৫

বিজেপি–৩

কংগ্ৰেছ–৫

টিএম চি-৫

ইউ ডি পি–১১

অন্যান্য–১১

# নাগালেণ্ড:

এন ডি পি পি–২৫

বিজেপি–১২

এন পি এফ—২

এন পি পি—৪

জনতা দল(ইউ)–১

এন চি পি–৭

ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়া(আথৱাল)–২

লোক জন শক্তি(ৰামবিলাস)–১

Exit mobile version