বিবাহৰ বাবে কইনা বিচাৰি যাব লাগিব জংঘল।বিভিন্ন সম্প্ৰদায়ৰ বিবাহৰ বিভিন্ন ৰীতি নীতি আছে কিন্তু আপুনি জানে নে এই দেশতে পূৰ্বতে আছিল এনে প্ৰথা য’ত বিবাহৰ বাবে উপযোগী কইনা বিচাৰি যাব লগা হৈছিল অৰণ্যলৈ
কেৰেলাৰ জনজাতীয় সম্প্ৰদায় মথুভানত আছিল এই ৰীতি নীতি। ক্ৰমান্বয়ে হেৰাই গৈছে। মুথুৱান সম্প্ৰদায়ৰ যুৱক সকলে বিয়াৰ পূৰ্বে এগৰাকী পত্নী বিচাৰিবলগীয়া হৈছিল।
বিবাহ কৰোৱা যুৱকজনে নিজৰ সাহসীকতাৰ প্ৰমাণ কৰিবলগীয়া হয়।গভীৰ অৰণ্যত গৈ বিচাৰি উলিয়াব লগীয়া হৈছিল নিজৰ কইনা।
যদি দৰাজনে কইনাগৰাকীক বিচাৰিবলৈ অসমৰ্থক হয় তেতিয়া, গাওঁবাসীয়ে তেওঁক বিফল বুলি বিবেচনা কৰে আৰু কইনাৰ বাবে এজন অন্য পাত্ৰৰ সন্ধান আৰম্ভ কৰে।
দুয়োটা পৰিয়ালৰ মাজত বিবাহৰ আলোচনা চূড়ান্ত হোৱাৰ পিছত, হ’ব লগা কইনাৰ বান্ধৱীসকলে কন্যাৰ পিতৃ-মাতৃৰ অনুমতিৰে তেওঁক অৰণ্যত লুকাই ৰখাৰ পৰম্পৰা আছিল।
ইয়াৰ পিছত হ’বলগীয়া কইনাগৰাকী বিয়াৰ পোছাকত তেওঁৰ বান্ধৱীসকলৰ স’তে জংঘললৈ ৰাওনা হয়।গভীৰ অৰণ্যত কইনাক অকলে ৰখা হয় আৰু তেওঁৰ বান্ধৱীসকলে কইনাৰ নিৰাপত্তা নিশ্চিত কৰে ।
ইপিনে হ’বলগীয়া দৰাজন কইনাৰ সন্ধানত তেওঁৰ বন্ধুবৰ্গৰ স’তে ওলাই যায় গভীৰ অৰণ্যলৈ। কইনাক বিচাৰি বহুদিন জংঘলতে দিনও অতিবাহিত কৰিছিল।এনে আজৱ আছিল পৰম্পৰা ।
এই সময়ছোৱাত তেওঁলোকে বিভিন্ন বিপদৰ সন্মুখীন হৈছিল যদিও কিন্তু দৰাজন ভয়ত ঘূৰি আহিব পৰা নাছিল। যদি তেওঁ কইনাগৰাকীক বিচাৰি পোৱা নাছিল তেন্তে গাওঁবাসীৰ ওচৰলত তেওঁৰ সন্মান হেৰোৱাৰ লগতে বাকী জীৱনৰ বাবে অবিবাহিত থাকিব লাগিব এই আশংকাত দৰা উভতি অহা নাছিল।
এনেদৰেই, তেওঁলোকে কইনা পোৱাৰ লৈকে অৰণ্যতে দিন কটাইছিল আৰু কন্যাৰ সন্ধান পোৱাৰ দিনাই অৰণ্যতে বিয়া দুয়ো বিবাহপাশত আবদ্ধ হৈছিল । তাৰ পিছত জংঘলতে সেই নিশা যাপন কৰিছিল।
পিছদিনা ৰাতিপুৱা কইনাৰ স’তে গাওঁলৈ উভতি আহিছিল আৰু আনন্দত আত্মহাৰা হৈ গাওঁবাসীসকলে তেওঁলোকৰ বিবাহ উদযাপন কৰিছিল।
কেৰালাত এতিয়াও এই জনজাতীয় সম্প্ৰদায় আছে। কিন্তু অৰণ্যৰ অভাৱৰ বাবে এই পুৰণি ৰীতি নীতি এতিয়া নোহোৱা হৈছে।