Dainik Agradoot : দৈনিক অগ্ৰদূতৰ কাৰ্যালয়ত উপস্থিত দুই বিশেষ শিশু !

Dainik Agradoot :

সুদূৰ যোৰহাটৰ পৰা আহি আজি দৈনিক কাৰ্যালয়ত উপস্থিত হ’ল দুই বিশেষ শিশু । যোৰহাট জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা আদৰ পুজৰ শৰ্মা (ষষ্ঠ শ্ৰেণী) হেপাহ পুজৰ শৰ্মা ( তৃতীয় শ্ৰেণী) ৰ ছাত্ৰ ।

যোৰহাট মালৌ আলীৰ পৰা আহি গুৱাহাটী কাহিলিপাৰস্থিত ‘ দৈনিক অগ্ৰদূত ‘ কাৰ্যালয় পৰিদৰ্শন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষা গীতাঞ্জলী দত্তসহ দুই শিশু।

প্ৰতিভাসম্পন্ন দুই শিশুয়ে কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে কাৰ্যালয়ৰ কৰ্মকৰ্তা সকলৰ লগত মত বিনিময় কৰে । কাৰ্যালয়ত কাম চলি থকাৰ মাজতে ডিটিপিও কৰিও দেখালে ষষ্ঠ শ্ৰেণীৰ আদৰ পুজৰ শৰ্মাই ।

ইফালে কণমানি হেপাহ পুজৰ শৰ্মাই গীত গাই গুনালে দৈনিক অগ্ৰদূত কাৰ্যালয়ৰ কৰ্মীসকল । যোৰহাটৰ পৰা ‘ দৈনিক অগ্ৰদূত ‘ ৰ কাৰ্যালয় পৰিদৰ্শন কৰিবলৈ অহা কণমানি দুয়োয়ে দৈনিক অগ্ৰদূতত কৰ্মৰত সকলোৰে মন জয় কৰাৰ লগতে সুন্দৰ কৰি তুলিলে আজিৰ সন্ধিয়া ।

Exit mobile version