Narendra Modi : বিশ্বনেতাৰ ভিতৰত সবাতোকৈ ভাল লাগে মোদীক : ইটালীৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য

download 3

Narendra Modi :

জি-২০ৰ বৈঠকত অংশ ল’বলৈ আহি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্রশংসা কৰিলে ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেল’নীয়ে।

ইটালীৰ প্ৰধানমন্ত্ৰীৰ মতে বিশ্বনেতাৰ ভিতৰত সবাতোকৈ অধিক পছন্দৰ নেতাজন হৈছে মোদী। ইয়াৰ লগতে মেল’নীয়ে আশা প্রকাশ কৰি কয় যে জি-২০ সভাপতি হিচাপে ভাৰতে ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণ বন্ধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব।

জি-২০ৰ সভাত অংশ লৈ মেল’নীয়ে ক’লে, ‘মোদী সমগ্ৰ বিশ্বৰ নেতাসকলৰ মাজত সবাতোকৈ অধিক ভালপোৱাৰ যোগ্য। এই কথা প্রমাণিত যে তেওঁ এজন উল্লেখযোগ্য নেতাত পৰিণত হৈছে তেওঁক অভিনন্দন।

আমাৰ আশা জি-২০ৰ সভাপতি হিচাপে ভাৰতে ইউক্রেইনৰ পৰিস্থিতি সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।’

বৃহস্পতিবাৰে মেল’নীক ৰাষ্ট্ৰপতি ভৱনত ৰাজকীয় অভ্যর্থনা জনোৱা হৈছিল। ইয়াৰ পাছতে মোদীৰ স’তে ইটালীৰ প্ৰধানমন্ত্ৰীয়ে বৈঠকত অংশ লৈছিল। মেল’নীয়ে ভালতৰ প্ৰধানমন্ত্ৰীৰ স’তে ৰাজনৈতিক, অর্থনৈতিক, প্ৰতিৰক্ষা, বিজ্ঞান প্রযুক্তিসহ নানা বিষয়ত আলোচনা কৰে।

Exit mobile version