Bihar : বিহাৰৰ ‘ৰেড লাইট ‘ অঞ্চলত আৰক্ষীৰ অভিযান , উদ্ধাৰ এগৰাকী অসমৰ যুৱতী

images1795 5d5265df9657c 768x512 1

Bihar :

সীতামাঢ়ীত ‘ৰেড লাইট ‘ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহুতো পুৰুষ আৰু মহিলা । যাৰ ভিতৰত আছে এগৰাকী অসমৰ যুৱতী ।

আৰক্ষীয়ে বিহাৰৰ সীতামাঢ়ীৰ ‘ৰেড লাইট ‘ অঞ্চলত অভিযান চলাই এগৰাকী যুৱতীক দেহ ব্যৱসায়ৰ পৰা উদ্ধাৰ কৰে ।

অভিযানৰ সময়ত ‘ৰেড লাইট ‘ অঞ্চলৰ পৰা বহু মহিলা আৰু পুৰুষক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ অভিযানৰ উত্তাল হৈ পৰে সীতামাঢ়ীৰ ‘ৰেড লাইট ‘ অঞ্চল । তথ্য অনুসৰি, ২৪ দিন পূৰ্বে অসমৰ কামৰূপ জিলাৰ এগৰাকী যুৱতীক বিভিন্ন প্ৰলোভনেৰে অনা হৈছিল।

কোনো প্ৰকাৰে যুৱতীগৰাকীয়ে এই তথ্য নিজৰ আত্মীয়লৈ প্ৰেৰণ কৰে । ইয়াৰ পাছতে যুৱতীগৰাকীৰ অনুসন্ধানত নামিল তেওঁৰ আত্মীয়।

তাৰ পাছতে তেওঁৰ পৰিয়ালৰ লোকে সীতামাঢ়ীৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি যুৱতীগৰাকীক ‘ৰেড লাইট ‘ অঞ্চলত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে ইয়াৰ পাছতে আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হয়।

Exit mobile version