Hojai :
অৱশেষত ৰঙাঘৰৰ আলহী হ’ল হোজাইত দুটাকৈ ব্যক্তিগত ছাত্রীনিবাসত পৃথকে পৃথকে সংঘটিত হোৱা ঘটনাৰ লগত জঢ়িত পাঁচ জন যুৱক।
ADVERTISEMENT
উল্লেখ্য যে যোৱা ২২ফেব্ৰুৱাৰীত হোজাই নতুন বজাৰৰ এটা ব্যক্তিগত ছাত্রীবাসত উলংগ যুৱকে প্ৰৱেশ কৰি যুৱতীৰ অন্তৰ্বাস চুৰ কৰে । ইফালে আন এটা ছাত্রীনিবাসৰো দুগৰাকীকৈ ছাত্ৰীক পৃথক পৃথক স্থানত কৰা হয় আক্ৰমন ।
ইয়াৰ পাছতেই আৰম্ভ হয় তদন্ত ।আৰক্ষীযে অভিযান তীব্রতৰ কৰি উলংগ যুৱকজনক অমৰ ৰাজকুমাৰ বুলি চিনাক্ত কৰে ।
ইতিমধ্যে ৰাজকুমাৰক হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে দুই ছাত্ৰীক চুৰিয়ে আঘাত কৰা চাৰিজনকক আটক কৰিছে হোজাই আৰক্ষীয়ে।গ্ৰেপ্তাৰ হোৱা কেইগৰাকী ক্ৰমে সুব্রত দাস, গোপাল ৰায়, ৰকী দেৱনাথ আৰু টিটুমনি।