Maharastra : মহাৰাষ্ট্ৰৰ এই গাঁৱৰ মুৰব্বীৰ আহ্বান : দৈনিক ডেৰ ঘণ্টা সময় বন্ধ ৰাখক টিভি- ম’বাইল

127028655 whatsappimage2022 10 10at9.10.34am

Maharastra :

মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ এখন গাঁৱৰ মুৰব্বীয়ে নিবাসীসকলক এক অভিনৱ আহ্বান জনালে। মানগাঁৱৰ সকলো নিবাসীক গাঁৱৰ চৰপন্সে অধ্যয়নত অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ম’বাইল আৰু টেলিভিছনৰ দৰে বৈদ্যুতিক সৰঞ্জাম ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে।

মানগাঁৱত বসবাস কৰা ১৫,০০০ আবাসিক গাঁও প্রধান ৰাজু মগডুমে আহ্বান জনাই কৈছে যে গাঁওবাসীয়ে প্রতিদিনে সন্ধিয়া সাত বজাৰ পৰা ৮-৩০ বজালৈকে তেওঁলোকৰ ম’বাইল ফোন আৰু টেলিভিছন বন্ধ ৰখা উচিত।

গাঁওবাসীক মগডুমে লগতে আহ্বান জনাই কৈছে যে পৰিয়ালৰ সদস্যসকলে পৰস্পৰৰ স’তে বাৰ্তালাপ কৰাত অধিক সময় ব্যয় কৰা প্ৰয়োজন।

এক সাক্ষাৎকাৰত মগডুমে কয়, ‘আমি সকলোৱে লাহে লাহে ম’বাইল ফোন আৰু টেলিভিছনৰ আসক্তিত ভুগিছো। ইয়াৰ ফলত মানুহৰ একাগ্ৰতা হ্রাস পাবলৈ ধৰিছে আৰু পৰিয়ালৰ সদস্যৰ মাজত যোগাযোগ, বার্তালাপ হ্রাস পাইছে।

এনে পৰিস্থিতি পৰিয়াল এটাত অব্যাহত থাকিলে ভৱিষ্যতে নানা সমস্যাই দেখা দিয়ে। পৰিয়ালৰ আত্মীয়তাও হ্রাস পাবলৈ ধৰিছে।

সেয়েহে গাঁও প্রধান হিচাপে মই আমাৰ গাঁৱৰ বাসিন্দাসকলক আহ্বান জনাইছো যাতে পৰিয়ালৰ আত্মীয়তা অটুট ৰাখিবলৈ প্ৰতিদিনে সন্ধিয়া সাত বজাৰ পৰা ৮-৩০ বজালৈকে টেলিভিছন আৰু ম’বাইল ফোনৰ পৰা নিজকে আঁতৰাই ৰাখে।

আৰম্ভণিতে এয়া এক অনুৰোধ যদিও ভৱিষ্যতে প্রয়োজন হ’লে গাঁও প্রধান হিচাপে এই বিষয়ত নির্দেশনা জাৰি কৰা হ’ব পাৰে।’

উল্লেখ্য যে গাঁও প্রধানজনে স্থানীয় কেব্‌ল অপাৰেটৰকো বিয়লি সাত বজাৰ পৰা ৮-৩০ বজালৈকে কেব্‌ল সেৱা বন্ধ ৰাখিবলৈ পত্ৰযোগে অনুৰোধ জনাইছে।মানগাঁৱত এক সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ এই সিদ্ধান্ত লোৱা বুলি মগডুমে জানিবলৈ দিয়ে।

Exit mobile version