Sinior Video Journalist Punananda Sarmah Passes Away :ৰাজ্যৰ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পূৰ্ণানন্দ শৰ্মাৰ দেহাৱসান

গুৱাহাটী প্ৰেছ ক্লাৱৰ সহ বহু সংগঠৰ শোক প্ৰকাশ

WhatsApp Image 2023 03 05 at 17.16.55

Sinior Video Journalist Punananda Sarmah Passes Away :

ৰাজ্যৰ সংবাদ ক্ষেত্ৰ খনত দপদপাই থকা হাস্যমুখৰ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পূৰ্ণানন্দ শৰ্মাৰ দেহাৱসান ৷ সংবাদ ক্ষেত্ৰ খনৰ সকলোৰে মাজত ‘ধনমণি দা’ হিচাপে পৰিচিত ‘ধনমনি দা’ৰ  মহাপ্ৰয়াণত শোকাভিভূত হৈ পৰিছে সাংবাদিক মহল ।

ইবি ফটোজৰ জৰিয়তে কৰ্মজীৱনৰ পাতনি মেলা ধনমণি শৰ্মা (পূৰ্ণানন্দ শৰ্মা)ই পৰৱৰ্তী সময়ত জড়িত হৈ পৰিছিল ‘আমাৰ অসম’ কাকতত ফটো সাংবাদিক হিচাপে।

বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দেওবাৰে নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট পূৰ্ণানন্দ শৰ্মাই।

পিছলৈ ‘নিউজ লাইভ’ৰ জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণালিষ্ট হিচাপে কাম কৰি আছিল পূৰ্ণানন্দ শৰ্মা (ধনমনি)য়ে। সাংবাদিকতাত দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পৰিপুষ্ট পূৰ্ণানন্দ শৰ্মাৰ বিয়োগত সংবাদ জগতত শোকৰ ছাঁ পৰে৷।

পূৰ্ণানন্দ শৰ্মাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱে । বিশিষ্ট ফটো সাংবাদিক পূৰ্ণানন্দ (ধনমণি) শৰ্মাৰ মৃত্যুত অসম ফটো সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত সন্থাৰ সভাপতি চিন্ময় ৰয় আৰু সম্পাদক ৰেব কুমাৰ বৰাই কয়-বিশিষ্ট ফটো সাংবাদিক ধনমণি শৰ্মাৰ মৃত্যু অসমৰ ফটো সাংবাদিক জগতৰ বাবে অপূৰণীয় ক্ষতি। তেওঁ দীৰ্ঘদিন ধৰি অসম ফটো সাংবাদিক সন্থাৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছাম( জুৱা) ৰ গুৱাহাটী মহানগৰ সমিতিয়ে জ্যেষ্ঠ ফটো সাংবাদিক পূৰ্ণানন্দ (ধনমণি) শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

Exit mobile version