Tiger Attack In Baska:বাগ্‌সাৰ শালবাৰীত অঘটন

মানাহৰ বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত এগৰাকী মহিলা , মানাহৰ বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত এগৰাকী মহিলা

WhatsApp Image 2023 03 05 at 19.30.14

Tiger Attack In Baska :

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা বন সংমণ্ডলৰ অধীনস্থ তথা বাগ্‌সা জিলাৰ শালবাৰীৰ দংপাৰ কৰেবাৰীত আজি আবেলি এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ মানাহৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী চল্লিশোৰ্ধৰ মহিলা ৷

আহত মহিলা গৰাকী দংপাৰ কৰেবাৰীৰ ডেইজী বসুমতাৰী (৪৫) বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে মহিলা গৰাকী ৷

প্ৰাপ্ত তথ্যমতে বাগ্‌সাৰ শালবাৰীৰ নিকটৱৰ্তী দংপাৰা কৰেবাৰী গাঁওৰ ডেইজী বসুমতাৰী (৪৫) নামৰ মহিলা গৰাকীয়ে আজি আবেলি ঘৰৰ ওচৰৰে পথাৰত নিজৰ গৰু বিচাৰি গৈছিল ৷

গৰুটো বিচাৰি যোৱাৰ সময়তে মানাহৰ কাষত এটা প্ৰকাণ্ড বাঘৰ সৈতে মুখামুখি হয় মহিলাগৰাকী আৰু লগে লগে মহিলা গৰাকীক দেখা মাত্ৰকে আক্ৰমণ কৰে বাঘটোৱে ৷

বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী । বাঘটোৱে বিশেষকৈ মহিলা গৰাকীৰ মুখমণ্ডলত আক্ৰমণ কৰি জংঘললৈ লৰ মাৰে ৷

স্থানীয় লোকৰ পৰা পোৱা তথ্যনুসৰি ইয়াৰ পূৰ্বে সেই অঞ্চলত বাঘ ওলোৱা বা বাঘে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱা নাছিল।

সমীপৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰাই বাঘটো ওলাই অহাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে সংকটজনক অৱস্থাত বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বাঘৰ আক্ৰমণত আহত মহিলা গৰাকীক ৷

Exit mobile version