Gold : স্বৰ্ণ গহনা ক্ৰয়ৰ নিয়ম সলনি : ছয় অংকৰ হলমাৰ্ক অবিহনে গ্ৰহণযোগ্য নহ’ব অলংকাৰ

gold jewellery

Gold :

অহা পহিলা এপ্ৰিলৰ পৰা ভাৰতত সলনি হ’ব সোণ ক্ৰয়ৰ নিয়ম। ব্যুৰ’ অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড (বিআইএছ)ৰ নিৰ্দেশ অনুসৰি, ভাৰতত অহা ৩১ মাৰ্চৰ পাছৰে পৰা ছয় অংকবিশিষ্ট হলমার্ক অবিহনে সোণৰ গহনা ক্রয় কৰিব পৰা নাযাব।

দেশজুৰি নকল সোণৰ ক্রয়-বিক্রয় বন্ধ কৰিবলৈ বিআইএছে এই সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্রীয় উপভোক্তা বিষয়ক মন্ত্রণালয়ে লগতে জনোৱা অনুসৰি ৩১ মাৰ্চৰ পাছত দেশত ছয় অংকৰ ‘হলমার্ক ইউনিক আইডেণ্টিফিকেচন’ অবিহনে কোনো স্বর্ণ অলংকাৰ ক্ৰয় কৰিব পৰা নাযাব।

তদুপৰি হলমার্ক অবিহনে পুৰণা সোণৰ গহনাও ব্যৱসায়ীসকলে বিক্ৰী কৰিব নোৱাৰিব। এই নতুন নিয়ম অনুসৰি সোণৰ ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত দেশত পহিলা এপ্ৰিলৰ পৰা কেৱল ছয় নম্বৰযুক্ত আলফানিউমেৰিক হলমার্ক থকাটো বাধ্যতামূলক হ’ব।

সোণৰ গহনা ক্ৰয়ৰ ক্ষেত্ৰত পূৰ্বে যি চাৰি অংকৰ হলমার্ক নম্বৰ প্রচলিত আছিল, সেয়া সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত ল’লে চৰকাৰে।এই নতুন ব্যৱস্থাৰ ফলত দেশত নকল সোণৰ ব্যৱসায় বন্ধ কৰাটো সম্ভৱ হ’ব বুলি চৰকাৰে দাবী কৰিছে।

Exit mobile version