Hauraghat Fire :ৰাজপথত জ্বলি উঠিল খেৰভৰ্তি টাটা ম’বাইল গাড়ী !

WhatsApp Image 2023 03 06 at 11.42.22

Hauraghat Fire :

সদাব্যস্ত ৰাজপথত দাও দাওকৈ জ্বলি ভস্মীভূত হ’ল এখন টাটা ম’বাইল গাড়ী ৷ পাৰ্বত্য জিলা কাৰ্বি আংলংৰ হাওৰাঘাটৰ উপকন্ঠ অনগাওঁ তিলাইডাঙাত সংঘটিত হয় এই অগ্নিকাণ্ড ঘটনা ।

অত্যাধিক পৰিমাণৰ খেৰ বোজাই অনা এএছ-০১-ইচি-৪৩০২ নম্বৰ এখন টাটা ম’বাইল গাড়ীয়ে ৰাজপথৰে গৈ থকা সময়তে পথৰ ওপৰত থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ আহি বিদ্যুৎ স্পাৰ্ক হৈ দাওঁ দাওকৈ জ্বলি উঠে ৷

নিমিষতে জ্বলি উঠা গাড়ীখন ভস্মীভূত হয় ৷অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয়লোকৰ খবৰ ভিত্তিত ঘটনাস্থলীত হাউৰাঘাটৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

Exit mobile version