Mizu Police Firing :মিজোৰামত ভয়ংকৰ ঘটনা !

মিজো আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হ'ল দুই সহকৰ্মী

WhatsApp Image 2023 03 06 at 11.55.44

Mizu Police Firing :

চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়ংকৰ ঘটনা ৷ মিজো আৰক্ষী জোৱানৰ নিৰ্বিচাৰ গুলীত থিতাতে নিহত হয় দুই সতীৰ্থ জোৱান ৷
এই শোকাৱহ ঘটনা সংঘটিত অসম-মিজোৰাম সীমান্তৱৰ্তী বুৱাৰচেপ পেট্ৰ’ল পাম্পত ।

প্ৰাপ্ত তথ্য অনুসৰি সুৰামত্ত অৱস্থাত থকা এজন মিজো আৰক্ষী জোৱানজনে হঠাতে সহকৰ্মী জোৱানলৈ লক্ষ্য কৰি অৰ্তকিতে গুলীচালনা কৰে ৷

সহকৰ্মীৰ গুলীত থিতাতে প্ৰাণ গ’ল ইন্দ্ৰ কুমাৰ ৰায় আৰু জে লালৰোহলুৱা নামৰ জোৱান দুজন ৷ হঠাতে সংঘটিত হোৱা গুলীচালনাৰ পাছতে হুৱাদুৱা লাগে ৷

তেজেৰে তুমৰলি হৈ মাটিত বাগৰি পৰা জোৱান কেইজননক ততাতৈয়াকৈ সতীৰ্থ আন জোৱান সকলে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

আনহাতে হত্যাকাৰী জোৱান বিমল কুমাৰ চাকমাক মিজো আৰক্ষীয়ে ঘটনাস্থলীতে আটক কৰে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অসম – মিজোৰাম সীমান্তৰ হবুৱাৰচেপ অঞ্চলত ৷

Exit mobile version