Tezpur Murder :তেজপুৰত গুলীচালনা !

জ্যেষ্ঠ ভাতৃৰ গুলীত নিহত কনিষ্ঠ ভাতৃ

WhatsApp Image 2023 03 08 at 18.24.13

Tezpur Murder :

হোলীৰ আনন্দ-উছাহৰ মাজতে তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ জ্যেষ্ঠ ভাতৃৰ গুলীত থিতাতে নিহত হয় কনিষ্ঠ ভাতৃ ৷

তেজপুৰৰ গাৰোৱানপট্টিত সংঘটিত হোৱা ঘটনাই সাংস্কৃতিক চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি ,দীৰ্ঘদিন ধৰি দুই ভাতৃৰ মাজত পাৰিবাৰিক সংঘাত চলি আহিছিল । আজি সেই পাৰিবাৰিক কন্দলৰ পৰিণতিত মৃত্যু হয় এজন ভাতৃৰ ৷

জ্যেষ্ঠ ভাতৃ অচিন্ত দাসে তেওঁৰ অনুজ্ঞাপত্ৰধাৰী বন্দুকেৰে দুটাকৈ গুলী চলাইছিল কনিষ্ঠ ভাতৃ বিষ্ণু দাসৰ ওপৰত । সেই গুলীয়ে ভেদ কৰে বিষ্ণুৰ মুৰ আৰু বুকুত ৷ ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে বিষ্ণুৱে ৷

গুলীচালনা ঘটনা সংঘটিত হোৱাৰ পাছতে গাৰোৱানপট্টিত হুৱাদুৱা লাগে ৷ মুৰত আৰু বুকুত গুলী লগাৰ পাছতেই তেজৰে তুমৰলি হৈ মাটিত ঢলি পৰে বিষ্ণু ৷

কিছু সময়ৰ পাছতেই আৰক্ষী উপস্থিত হত্যাকাৰী অচিন্ত্য দাসক আটক কৰে ৷

Exit mobile version