Guinness World Record :বীৰ লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীত বিশ্ব অভিলেখ

সৰ্বাধিক হাতেলিখা টোকাৰ অনলাইন ফটো এলবামৰ অভিলেখ

69e869e6 2dbb 47bd ba69 0a1642f0fac6

Guinness World Record :

বিশ্ব দৰবাৰত স্থান পালে লাচিত বৰফুকনে৷গীনিজ বুকত স্থান পালে লাচিতক লৈ লিখা লিখনিয়ে ৷ উল্লেখ্য যে, অসম চৰকাৰৰ উদ্যোগত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী লগত ৰজিতা খুৱাই নতুন দিল্লীত আয়োজন কৰিছিল মহা আয়োজন ৷

এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল লাচিত বৰফুকন সন্দৰ্ভত ৰছনা প্ৰতিযোগিতা ৷ ইয়াত অংশ লৈছিল ৫৭ লাখে ৷আৰু সৰ্বাধিক হাতে লিখা টোকাৰ অনলাইন ফটো এলবাম আপলোড কৰা হয় ৪২ লাখ ৯৪ হেজাৰ ৩৫৯ ৷ এই সংখ্যাৰ জৰিয়তে অসম চৰকাৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ ৷

গীনিজ বুকত স্থান পালে লাচিতক লিখা লিখনিয়ে ৷ স্মতৰ্ৱ্য যে, অসমীয়াত লিখা হৈছিল ৩৫,৯০,৯১৮,ইংৰাজীত লিখা হৈছিল ৪,০৫,৬১৭, হিন্দীত লিখা হৈছিল ৩২,৪৬৩, বাংলা ভাষাত ২,৪৭,৭৩৩, বড়ো ভাষাত লিখা হৈছিল ১,২০,৪১৭ টা ৷ মুঠ ৩০ ভাষাত অংশ লৈছিল বিভিন্নজনে ৷

লাচিত বৰফুকনক লৈ লিখা লিখনিয়ে বিশ্ব অভিলেখ গঢ়াৰ বাবে আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত গীনিজ বিশ্ব অভিলেখৰ প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰমাণ পত্ৰ ৷

দিছপুৰৰ অসম সচিবালয়ৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্য়ালয়ৰ সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হাতত গীনিজ বিশ্ব অভিলেখৰ প্ৰতিনিধিয়ে প্ৰমাণ পত্ৰ প্ৰদান কৰা অনুষ্ঠানত মন্ত্ৰী সকল কেশৱ মহন্ত, ডা:ৰণোজ পেগু, বিমল বৰা, ইউ জি ব্ৰক্ষ্ম, পীযুষ হাজৰিকা, চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্ল বৈদ্য ,সঞ্জয় কিষান, অজন্তা নেওগ সহ বিধায়ক সকল আৰু ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সম্পাদক আৰু সাহিত্য- সাংস্কৃতিক জগতৰ বহু কেই গৰাকী স্বনামধন্য ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version