Nagaland : নাগালেণ্ডত এনডিপিপি-বিজেপি জোটবন্ধন চৰকাৰক সমৰ্থন প্ৰকাশ এন চি পিৰ

এন চি পি মুৰব্বী শাৰদ পাৱাৰ অনুমোদনৰ কথা সদৰি কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী নৰেন্দ্ৰ বাৰ্মাই

93c174e7 cc57 4046 bb8c de79cb3b656e

Nagaland :

মহাৰাষ্ট্ৰত বিজেপি – শিৱসেনা( সিন্ধে)নেতৃত্বাধীন চৰকাৰৰ ঘোৰ বিৰোধী ৰূপে জনাজাত এন চি পি দলে নাগালেণ্ডৰ এনডিপিপি-বিজেপি নেতৃত্বাধীন চৰকাৰলৈ আগবঢ়াই পূৰ্ণ সমৰ্থন ৷

ইতিমধ্যে দলীয় সিদ্ধান্তৰ কথা সদৰি কৰে এন চি পিৰ সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী নৰেন্দ্ৰ বাৰ্মাই ৷নাগালেণ্ডৰ নেইফিউ ৰিঅ’ৰ দুই দলীয় নেতৃত্বাধীন চৰকাৰক সমৰ্থন ঘোষণা কৰে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি চমুকৈ এন চি পি দলে ৷

পাহাৰীয়া ৰাজ্য খনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত শাৰদ পাৱাৰৰ দলটোৱে মুখ্যমন্ত্ৰী ৰিঅ’ৰ চৰকাৰলৈ সমৰ্থন আগবঢ়াই ৷উল্লেখ্য যে সদ্য সমাপ্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনত এন চি পিয়ে ১২ খনত আসনত প্ৰতিদ্বন্দ্ব্বিতা কৰি ৭ খনত জয়লাভ কৰিবলৈ সক্ষম হয় ৷

এন চি পি ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰৰ অনুমোদনক্ৰমে এনচিপিৰ বিধায়ক পিক্টো শ্বোহেক এনচিপি বিধানসভা দলৰ নেতা, পি লংগনক উপ-নেতা, নামৰি ঞ্চাঙক মুখ্য হুইপ, ৱাই ম্হনবেমো হামটছ’ক হুইপ আৰু এছ টয়হো য়েপথোক মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াৰ কথা আজি কোহিমাত সাংবাদিকৰ আগত সদৰি কৰে এন চি পিৰ সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী নৰেন্দ্ৰ বাৰ্মাই

Exit mobile version