Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

1678333899 satish kaushik

Satish Kaushik :

বলীউডৰ অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ দেহাৱসান। ৬৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

বৃহস্পতিবাৰে পুৱা তেঁওৰ মৃত্যুৰ খবৰে শোকাহত কৰি তোলে সকলোকে । বলীউডৰ আনএগৰাকী জনপ্ৰিয় অভিনেতা অনুপম খেৰে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰে এই বাতৰি ।

অভিনেতাগৰাকীয়ে টুইটযোগে লিখিছে “মই জানো জীৱনৰ আটাইতকৈ ডাঙৰ সত্য হৈছে মৃত্যু। কিন্তু মই কেতিয়াও ভবা নাছিলো যে মই এদিন মোৰ মৰমৰ বন্ধুৰ বাবে এইটো লিখিব লাগিব। ৪৫ বছৰীয়া বন্ধুত্ব হঠাতে ভাঙি পৰিল। আপোনাৰ দৰে বন্ধুৰ অনুপস্থিতিত, জীৱন সলনি হ’ব। ওম শান্তি। “

তথ্য অনুসৰি, দিল্লীৰ এখন চিকিৎসালয়লৈ যোৱাৰ সময়তে “তেৰে নাম” খ্যাত পৰিচালক সতীশ কৌশিক হৃদৰোগত আক্ৰান্ত হয় । বিগত সাত মাৰ্চত, জনপ্ৰিয় গীতিকাৰ জাভেদ আখটাৰৰ আয়োজিত হোলী উৎসৱতো দেখা গৈছিল কৌশিকক ।

তাৰ পাছতে,পৰিচালক-অভিনেতাজনৰ শাৰীৰিক অৱস্থা হঠাতে অৱনতি হয় আৰু বৃহস্পতিবাৰে পুৱতি নিশা তেঁওৰ মৃত্যুৰ খবৰ পোৱা যায় । ১৯৯৩ চনত পৰিচালক সতীশ কৌশিকে ‘ৰূপ কি ৰাণী চোৰোন কা ৰাজা’ চলচ্চিত্ৰৰ স’তে যাত্ৰা আৰম্ভ কৰে। পাছত, তেওঁ ‘হম আপকে দিল মে ৰেহতে হে’, ‘মুঝে কুছ কেহনা হে’ৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰে।

পৰিচালক সতীশ কৌশিক ছলমান খানৰ ছবি ‘তেৰে নাম’ৰ দ্বাৰা বিখ্যাত হয় । তেওঁ কেৱল এজন পৰিচালক হিচাপেই নহয় এজন অভিনেতা হিচাপেও নিজৰ স্থান নিৰ্মাণ কৰে।

‘মিষ্টাৰ ইণ্ডিয়া’ত কেলেণ্ডাৰ হিচাপে তেওঁৰ অভিনয় এতিয়াও দৰ্শক আৰু চিনেমা প্ৰেমীসকলে স্মৰণ কৰে। ৮০ আৰু ৯০ ৰ দশকৰ বহুতো চলচ্চিত্ৰৰ উপৰিও সতীশ কৌশিকে ‘বাগী ৩’, ‘চত্ৰিৱালী’ৰ দৰে চলচ্চিত্ৰতো অভিনয় কৰিছে।

Exit mobile version