Assembly Session Begins:আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

ৰাজ্যপালৰ অভিভাষণৰ লগে লগে আৰম্ভ হয় ২৭ দিনীয়া বাজেট অধিৱেশন,১৬ মাৰ্চত দাখিল হ'ব ২০২৩-২৪ বৰ্ষৰ বাজেট

WhatsApp Image 2023 03 10 at 13.40.37

Assembly Session Begins:

আজিৰে পৰা দিছপুৰ অসম বিধান সভা ভৱনত আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন। পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় বিধানসভাৰ বাজেট অধিৱেশন

বিধানসভাৰ প্ৰথম দিনটোত সদনত উপস্থিত হৈ বিধায়ক সকলক সম্বোধন কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ৷
ৰাজ্যপালৰ অভিভাষণৰ লগে লগে আৰম্ভ হয় ২৭ দিনীয়া বাজেট অধিৱেশন ৷ আজিৰে পৰা আৰম্ভ হোৱা এই বাজেট অধিৱেশন পাঁচ এপ্ৰিল অন্ত পৰিব ৷

আনহাতে ১৬ মাৰ্চত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৩-২৪ বৰ্ষৰ বাজেট উত্থাপন কৰিব সদনত । উল্লেখ্য যে, অধিৱেশনৰ আৰম্ভ হোৱাৰ পূৰ্বেই বিধানসভা চৌহদত উপস্থিত হৈ শিৱসাগৰ বিধায়ক অখিল গগৈয়ে ৰন্ধন গেছৰ মূল্য বৃদ্ধি আৰু ধাৰাবাহিক উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে ৰাজ্যপালৰ অভিভাষণত কুকুৰৰ মাংসৰ প্ৰসংগ উল্লেখ নথকাত কংগ্ৰেছ সহ বিৰোধী দল সমূহে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সদন ত্যাগ কৰে ৷ যাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ কামকাজ ১৩ মাৰ্চলৈ স্থগিত ঘোষণা কৰে ৷

Exit mobile version