Bjp:বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ বুথ সৱলীকৰণৰ কাৰ্যসূচী ৰূপায়ণ

WhatsApp Image 2023 03 10 at 13.53.13

Bjp:

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলাৰ লগতে বি জে পি গুৱাহাটী মহানগৰ জিলাতো বুথ সৱলীকৰণৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ন কৰা হয়।

ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ বুথ সৱলীকৰণৰ প্ৰভাৰী ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ,অসম মীন নিগমৰ অধ্যক্ষ গুৰু জ্যোতি দাসৰ উপস্থিতিত মহানগৰ জিলা বিজেপিৰ তপন চন্দ্ৰ দাসৰ সভাপতিত্বত গুৱাহাটী মহানগৰ জিলা বিজেপিৰ কাৰ্যালয়ত জিলা বিষয়ববীয়া আৰু সন্মানীয় মণ্ডল বিষয়ববীয়াৰ উপস্থিতিত বুথ সৱলীকৰণ অভিযানৰ জিলা কৰ্মশালা অনুষ্ঠিত হয়।

ইয়াৰ লগতে গুৱাহাটী মহানগৰ জিলা অন্তৰ্গত ১২ টা মণ্ডলতে বুথ সৱলীকৰণৰ উদেশ্য প্ৰায় ১২০০ তকৈ অধিক বুথৰ সভাপতি আৰু সাধাৰণ সম্পাদক লগতে শক্তি কেন্দ্ৰৰ প্ৰমূখ্যে মণ্ডল তথা মৰ্চাৰ কাৰ্য্যকৰ্তা সকলৰ উপস্থিতিত বিভিন্ন মণ্ডলত বুথ সৱলীকৰণৰ সভা অনুষ্ঠিত কৰা হয়।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ জিলাই চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি সমূহ কেনেকৈ ৰাইজৰ মাজত লৈ গৈ ৰাইজক উপকৃত কৰিব পাৰি সেই বিষয়ত বিতংভাৱে আলোচনা কৰা হয়।

লগতে দলৰ ভেটি সুদৃঢ় কৰাত বুথৰ কাৰ্য্যকৰ্তাৰ ভূমিকা সদায় দলে গুৰুত্ব দি আহিছে সেই কথা উল্লেখ কৰা হয়।

Exit mobile version