Mamata Banerjee:নিষিদ্ধ আফিং খেতি কৰিবলৈ অনুমতি লাগে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক

কেন্দ্ৰক আবেদন

WhatsApp Image 2023 03 10 at 15.10.13

Mamata Banerjee:

অসমৰ চুবুৰীয়া ৰাজ্য এখনৰ চৰকাৰে নিষিদ্ধ আফিং খেতি কৰিবলৈ অনুমতি বিছাৰি ইতিমধ্যে আবেদন জনাইছে কেন্দ্ৰীয় চৰকাৰক ৷

উল্লেখ্য যে,যি সময়ত সমগ্ৰ দেশতে আফিং খেতি নিষিদ্ধ কৰা হৈছে ৷ তেনে সময়তে এখন ৰাজ্যৰ চৰকাৰ নিজ ৰাজ্যত আফিং খেতি কৰিবলৈ প্ৰয়াস কৰা কাৰ্যই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰলৈ কৰা আবেদনে সকলোকে এক প্ৰকাৰ আচৰিত কৰি তুলিছে ।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰলৈ কৰা আবেদনত উল্লেখ কৰে যে, এই খেতি কোনো ধৰণৰ অনৈতিক অথবা বেআইনী কামৰ বাবে নহয় বৰং সুস্বাদু খাদ্য সম্ভাৰৰ বাবেহে ৷  পশ্চিমবংগৰ লোকে আফিং পৰা প্ৰস্তুত কৰে সুস্বাদু খাদ্য ৷

যাৰ নাম “পোষ্টো” ৷ যি খাদ্য তালিকাৰ অন্যতম অংশ হৈ ৰাজ্যবাসীৰ ৷

এক অংশ হিচাপেহে গণ্য কৰে ৰাজ্যখনৰ লোকসকলে । পশ্চিম বংগৰ লোকসকলৰ মতে ইয়াৰ নাম হৈছে “পোষ্টো” । যি তেঁওলোকৰ খাদ্য সম্ভাৰৰ এক গুৰুত্বপূৰ্ণ অংগ ।

মুখ্যমন্ত্ৰী গৰাকীয়ে আবেদনত এইটোও উল্লেখ কৰে যে,ৰাজ্যখনৰ খাদ্য তালিকাৰ অন্যতম অংশ হোৱাৰ পাছতো ৰাজ্য খনত এই খেতিৰ অনুমতি নাই ৷ অথচ দেশৰ আন চাৰি ৰাজ্যৰ আছে অনুমতি ৷

যাৰ ফলস্বৰূপে উল্লিখিত ৰাজ্যৰ পৰা অত্যাধিক দামত ক্ৰয় কৰিবলগীয়া হয় আফিং ৷ মুখ্যমন্ত্ৰী গৰাকীৰ এই পদক্ষেপক লৈ বহুলোকে সমালোচনা কৰে ৷ বেআইনী আৰু নিষিদ্ধ আফিং খেতি অনুমতি পালে একাংশ দুষ্টচক্ৰৰ বাবে আফিং খেতি হৈ পৰিব সহজলভ্য

যাববাবে ড্ৰাগছ মাফিয়াই প্ৰস্তুত কৰিব নিষিদ্ধ ড্ৰাগছ ৷ ইয়ে এক ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰে পশ্চিমবংগৰ সচেতন মহলে ৷

Exit mobile version