MLA Teras Goala :বিধানসভাৰ প্ৰৱেশদ্বাৰত বিধায়ক তেৰছগোৱালাক অপমান নিৰাপত্তাৰক্ষীৰ

অধ্যক্ষক অভিযোগ দাখিল বিধায়ক গৰাকীৰ

WhatsApp Image 2023 03 10 at 14.12.56

MLA Teras Goala :

আজিৰ পৰা ২৭ দিনীয়াকৈ আৰম্ভ হোৱা অসম বিধানসভাৰ বাজিট অধিবেশনৰ প্ৰথম দিনটোতে অপমানৰ সন্মুখীন হ’ল দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা

ADVERTISEMENT

উল্লেখ্য যে,  বাজেট অধিৱেশনত অংশ ল’বৰ বাবে বিধান সভা ভৱনৰ সমীপত থকা বিধায়ক আৱাসৰ নিজা বাসভৱনৰ পৰা চাইকেল চলাই আহিছিল বিধায়ক গোৱালা ৷

কিন্ত বিধানসভাৰ প্ৰৱেশ দ্বাৰ পোৱাৰ পাছতে নিৰাপত্তাৰক্ষীৰে বিধায়ক গৰাকীক প্ৰৱেশত বাধাআৰোপ কৰে ৷ আনকি গোৱালাই বিধায়ক বুলি পৰিচয় দিয়াৰ পাছতো তেওঁক সোমাব দিয়া নাছিল বুলি অভিযোগ কৰে ৷

অৱশ্যে কিছু সময়ৰ পাছতে বিধানসভাৰ কৰ্মচাৰীৰ তৎপৰতাত বিধায়ক গৰাকী বিধানসভাত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে বিধান সভাৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীৰ দ্বাৰা অপমানিত হোৱা গোৱলাই সমস্ত বিষয়টো অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক লিখিত অভিযোগ দাখিল কৰিছে ৷

Exit mobile version