Three Arrested With Fake Gold From Amtala In Nagaon :নগাঁৱৰ আমতলাৰ পৰা নকল সোণ সহ তিনিজনক আটক

WhatsApp Image 2023 03 10 at 13.52.01

Three Arrested With Fake Gold From Amtala In Nagaon :

নগাঁও চহৰৰ উপকন্ঠ আমতলাৰ পৰা নকল সোণ সহ তিনিজন বিক্ৰেতাক আটক কৰে নগাঁও আৰক্ষীয়ে ৷ লক্ষীমপুৰৰ পৰা নগাঁৱত বাহৰ পাতি সোণ বিক্ৰী কৰাৰ সময়তে আৰক্ষীয়ে হাতে লুটে কৰায়ত্ত কৰে বিক্রেতা কেইটাক ৷

আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে দুখন নকল সোণৰ নাওঁ, দুখন বিস্কুটৰ লগতে যীশুৰ মূৰ্তি জব্দ কৰে ৷ ধৃত লোক কেইজন হ’ল আনাৰুল ইছলাম , ৰিয়াজুল হক আৰু ছাদ্দাম হুছেইন। তিনিওৰে ঘৰ লখিমপুৰত ৷

ইতিমধ্যে নগাঁও সদৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version