Bare Sahariya Bhaona:বাৰেচহৰীয়া ভাওনাকলৈ বিতৰ্কৰ সৃষ্টি কৰা ইছমাইল হুছেইনক বিতৰ্ক এৰাই চলিবলৈ আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ

বিতৰ্ক বন্ধ নকৰিলে আইনগত ব্যৱস্থা লব বাৰেচহৰীয়া ভাওনা সমিতিয়ে,অনধিকাৰ ভাৱে হুছেইনৰ প্ৰবেশ ১৪নং খলাত

1678538184119 1

Bare Sahariya Bhaona:

বাৰেচহৰীয়া ভাওনা এক সম্বনয়ৰ ক্ষেত্ৰ । ইয়াত হিন্দু-মুছলমান বুলি কোনো ভেদাভেদ নাই । সেইবাবেই ভাওনা উদযাপনৰ বিভিন্ন দিশত কাম কৰিছিল মুছলমান ৰাইজে । কিন্তু ভাওনা মহোৎসৱ সু-শৃংখলিত ভাৱে উদযাপন কৰিবৰ বাবে কিছু নীতি নিয়ম বন্ধা থাকে ।

সেই নীতি নিয়ম উলংঘা কৰিলে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিয়ে সহ্য নকৰে । ইছমাইল হুছেইনকো ধৰ্মীয় দৃষ্টিৰে চোৱা নাই বাবেই তেওঁৰ লেখনি বাৰেচহৰীয়া ভাওনাৰ স্মৃতি গ্ৰন্থত দিয়া হৈছে । লেখা তেওঁক বিচৰা হৈছে । তেওঁ অতি সোনকালে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ বিৰুদ্ধে নেতিবাচক চিন্তা আৰু বিতৰ্ক ত্যাগ কৰক ।

অন্যথা বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব ।”—-এই মন্তব্য বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাৰ

আজি বাৰেচহৰীয়া ভাওনা প্ৰকল্প স্হলীত আয়োজিত এক সংবাদ মেলত হাজৰিকাই ইছমাইল হুছেইন কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰু কয় যে ২১ খন খলাত অনুষ্ঠিত ২১ খন ভাওনাৰ বাবে নিৰ্দিষ্ট ভাৱৰীয়া আজি দুমাহ পূৰ্বেই থিক কৰা আছিল । আখৰা কৰিছে । খলা উপসমিতিৰ হাতত নিৰ্দিষ্ট ভাৱৰীয়াৰ তালিকা আছে ।

উক্ত তালিকা ১১ জনকৈ নিয়োজিত বিচাৰকৰ হাতত আছে । গতিকে ১৪ নং খলাত যেতিয়া এজন ভাৱৰীয়া বেছিকৈ ওলাল তেতিয়া ইছমাইল হুছেইনক আবিষ্কাৰ কৰা হয় । আৰু তেওঁৰ ভাওনা উপসমিতিৰ সভাপতি গৰাকীয়ে হুছেইনেক আঁঁতৰি আহিবলৈ কয় ।

ইয়াতে হুছেইনে সংবাদ মাধ্যমৰ আগত অনাহকত বিতৰ্কত লিপ্ত হোৱাযেন অনুভৱ হৈছে । তেওঁ কয়– হুছেইনক মূল উদযাপন সমিতি, ভাওনা উপসমিতি তথা খলা উপ সমিতি কোনোৱে ভাও দিবলৈ আমন্ত্ৰণ দিয়া নাছিল । তেওঁ অনধিকাৰ ভাবে ভাওনা মঞ্চত প্ৰবেশ কৰি এক অস্বস্তিত পেলাই সকলোকে ।

কাৰোঁ অনুমতি নোলোৱাকৈ ইছমাইল হুছেইনে ভাও দিয়ে বুলি উদযাপন সমিতিৰ সভাপতি গৰাকীয়ে পুনৰ সংবাদ মেলত স্পষ্ট কৰে । সংবাদ মেলত হাজৰিকাই কয় যে বাৰেচহৰীয়া ভাওনা হিন্দু মুছলমান, শিখ জৈন বড়ো, মিছিং সকলোৰে মিলন ভূমি বাৰেচহৰীয়া ভাওনাক কোনো শক্তিয়ে বদনাম কৰিব বিচাৰিলে জামুগুৰিয়া ৰাইজে সহ্য নকৰে ।

সম্প্ৰতি ভাওনাকলৈ সংৱাদ মাধ্যমৰ আগত যি বক্তব্য ৰাখিছে তাৰ পৰা হুছেইনক বিৰত থাকিবলৈ সংবাদমেলত আহ্বান জনাই উদযাপন সমিতিৰ সভাপতি গৰাকীয়ে । ইফালে আজি সংবাদ মেলত পদ্ম হাজৰিকাই কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মহোৎসৱলৈ আহি বাৰেচহৰীয়া ভাওনাক লৈ গৱেষণা গ্ৰন্থ প্ৰকাশ কৰি বিশ্বৰ বিভিন্ন ভাষাত প্ৰকাশ কৰাৰ যি আশ্বাস প্ৰদান কৰে তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীলৈ বিশেষ ভাৱে ধন্যবাদ জনায় ।

তদুপৰি সংবাদ মেলত বাৰেচহৰীয়া ভাওনাৰ হিচাপ এসপ্তাহৰ ভিতৰত ৰাজহুৱা কৰাৰ কথা ঘোষণা কৰি তেওঁ লগতে বাৰেচহৰীয়া ভাওনা মহোৎসৱ সকলো প্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং, ৰাজ্য খনৰ ভাওনা স্হলীত অংশগ্ৰহণ কৰা মন্ত্ৰী বিধায়ক, আন্তঃৰাষ্ট্ৰীয় শিল্পী অংগৰাগ পাপন মহন্ত, সত্ৰাধিকাৰ সকল, উদযাপন সমিতি, উপসমিতি, বিভিন্ন ক্ষেত্ৰত জৰিত লোক তথা হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজলৈ বিশেষ ভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ।

ইয়াৰ পূৰ্বে বাৰেচহৰীয়া ভাওনা প্ৰকল্পস্হলীতে উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকা, কাৰ্যকৰী সভাপতি ভৱ গোস্বামী, সম্পাদক জয়ন্ত বৰাৰ উপস্থিতি ভাওনা মহোৎসৱৰ ওপৰত এক পৰ্যালোচনা সভাও অনুষ্ঠিত হয় ।

Exit mobile version