Nagaon Municipality Board : নগাঁও সহ ৰাজ্যৰ আটাইকেইখন পৌৰসভাৰ এলেকাধীন গৃহৰ কৰ অত্যাধিক বৃদ্ধিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

নগাঁৱত প্ৰাক্তন বিধায়ক সহ জ্যেষ্ঠ নাগৰিক ক্ষোভ প্ৰকাশ

0dd8b36d dea6 439a 9e6f ffa8af418e24

Nagaon Municipality Board :

সমগ্র ৰাজ্যৰ পৌৰ নিকায় সমূহৰ আবাসিক আৰু বাণিজ্যিক এলেকাৰ গৃহ সমূহৰ কৰবৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে যাবতীয় পদক্ষেপ লোৱাৰ পাছতে তৎপৰ হৈ পৰিছে পৌৰসভা সমূহ৷

নগাঁও জিলাৰ নগাঁও পৌৰসভা, ধিং আৰু ৰহা পৌৰ সভাই বাণিজ্যিক এলেকা সমূহৰ গৃহ সমূহৰ কৰ অস্বাভাৱিক হাৰত বৃদ্ধি কৰাক লৈ নগৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

অত্যাধিক কৰ বৃদ্ধিয়ে চহৰ খনৰ মধ্যবিত্ত আৰু সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হ’ব বুলি মন্তব্য কৰিছে সচেতন মহলে ৷ পৰ্বতসম অত্যাধিক কৰ দিয়াটো সৰ্বসাধাৰণ নাগৰিকৰ বাবে কেতিয়াও সম্ভৱ নহয় বুলি প্ৰকাশ কৰিছে নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাই ৷

ইতিমধ্যে জ্যেষ্ঠ নাগৰিক বৰুৱাই অত্যাধিক কৰ বৃদ্ধি সম্পৰ্কত এখন স্মাৰকপত্ৰ প্ৰদান কৰে নগাঁৱৰ উপায়ুক্তক ৷ বৰুৱাই স্মাৰকপত্ৰ উল্লেখ কৰে যে নগাঁও জিলাৰ অন্তৰ্গত পৌৰসভা আৰু নগৰ সমিতি সমূহৰ নাগৰিক সকলৰ আবাসিক আৰু বাণিজ্যিক অঞ্চল সমূহৰ গৃহ সমূহৰ অত্যাধিক কৰবৃদ্ধিৰ প্ৰস্তুতি চলোৱা হৈছে৷

যাৰবাবে সৰ্বসাধাৰণ আৰু মধ্যবিত্ত নগৰবাসীলোক সৰ্বস্বান্ত হোৱাৰ সম্ভাৱনা আছে ৷ শেহতীয়াকৈ নগাঁও পৌৰসভাৰ দ্বাৰা প্ৰস্তাবিত পৌৰ কৰ বৃদ্ধিৰ খছৰা প্ৰকাশ কৰিছে। য’ত উল্লেখ আছে অত্যাধিক কৰ৷ এনে প্ৰেক্ষাপটত অত্যাধিক কৰৰ বোজাৰ পৰা চহৰবাসীক সাময়িকভাৱে ৰেহাই দি পুনৰ বিবেচনা কৰিবলৈ দাবী জনাই বৰুৱাই ৷

উল্লেখ্য যে ,সততে জাতীয় সংগঠন বুলি দাবী কৰি অহা সংগঠনবোৰে পৌৰ কৰৰ অত্যাধিক বৃদ্ধি কৰণৰ বিৰুদ্ধে মাত নমতাত ৰাইজে সমালোচনা কৰিছে ৷

শেহতীয়া খবৰ অনুসৰি নগাঁও পৌৰসভাৰ উপ- পৌৰপতি সীমান্ত বৰাই স্পষ্ট কৰি দিয়ে যে পৌৰ কৰ বৃদ্ধি কৰণ সন্দৰ্ভত নগাঁও পৌৰসভাই চহৰবাসীক আস্থাত লৈ আগবাঢ়িব ৷ ৰাইজে অসুবিধা পোৱাকৈ কোনো পদক্ষেপ নলয় এন এম বি- এ ৷

Exit mobile version