Nagaon women Police Cell :
নগাঁৱৰ সদৰ থানাত আজি মুকলি কৰা হয় মহিলা কোষ আৰু এখন বাহন। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই এই মহিলা কোষ আৰু গুলপীয়া বলেৰ’ বাহনখন মুকলি কৰে ৷
ADVERTISEMENT
আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, মহিলাসকলৰ অভিযোগসমূহ এতিয়াৰে পৰা মহিলা কোষত পঞ্জীয়ন কৰা হ’ব। মুকলি কৰা গুলপীয়া বলেৰ’ বাহনখন মহিলা আচামীক আটক কৰিবলৈ গ’লে সৰু সৰু শিশুৱে যাতে আৰক্ষীৰ বাহন দেখি ভয় নাথায় সেই বাবেই বাহনখনৰ ৰং গুলপীয়া কৰা হৈছে।
আনহাতে, মহিলা কোষত গোচৰ দিবলৈ অহা মহিলাসকলৰ লগত থকা সন্তানে খেলিব পৰাকৈও মহিলা কোযত ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিয়ে দলেই। নগাঁও সদৰ থানাত মুকলি হোৱা মহিলা কোষৰ পৰিদৰ্শক হিচাপে অনু মেচক নিয়োজিত কৰা হৈছে।