Bokajan : বোকাজানৰ খটখটীত ২৫ কোটি টকা মূল্যৰ হেৰইন জব্দ , এজনক আটক

fe88edfa 1654 487d 829a db793fbbcbf6 1

Bokajan :

অসম নগালেণ্ড সীমান্তৰ বোকাজানৰ খটখটীত আজি বৃহৎ পৰিমাণৰ হেৰইন সহ এজন সৰৱৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি এক গোপন খবৰৰ ভিত্তিত খটখটীত আৰক্ষীয়ে বিশেষ তালাচী চলাই নগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা এ.এছ.০৯ জে ৪৭৪৬ নম্বৰৰ এখন বগা ৰঙৰ বলেৰ’ গাড়ীৰ পৰা পাঁচ কেজি ওজনৰ হেৰইন জব্দ কৰে ৷

এক বিশেষ কৌশলেৰে গাড়ীৰ বডিৰ ওপৰত চেম্বাৰ বনাই ৩৯০ টা চাবোনৰ বাকচত এই হেৰইন খিনি ভৰাই আনিছিল ৷

পাছত আৰক্ষীয়ে মেচিনেৰে কাটি হেৰইন ভৰ্তি চাবোনৰ বাকচ সমূহ গোপন চেম্বাৰৰ পৰা উলিয়াই আনে ৷ এই হেৰইন খিনি সৰৱৰাহ কৰা হোজাইৰ ফুজেল আহমেদক আৰক্ষীয়ে আটক কৰে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে হেৰইনখিনি নগাৱঁৰ বাইপাছত কোনো লোকক হস্তান্তৰ কৰাৰ কথা আছিল ৷ জব্দকৃত হেৰইন খিনিৰ বজাৰ মূল্য প্ৰায় পঁচিছ কোটি বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

Exit mobile version