Five Important Things : ৩১ মাৰ্চৰ ভিতৰতে কৰক এই পাঁচটা গুৰুত্বপূৰ্ণ কাম…

must complete these works before 31 march otherwise you will face trouble 98446513

Five Important Things :

চলিত বিত্তীয় বৰ্ষটো শেষ হ’বলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। অর্থনৈতিক দৃষ্টিকোণৰ পৰা মাৰ্চ মাহটো অতি গুৰুত্বপূৰ্ণ। বিত্তীয় বৰ্ষৰ শেষ মাহ। এনে পৰিস্থিতিত চৰকাৰে কিছু বিত্তীয় কাম-কাজৰ সময়সীমা জাৰি কৰিছে।

যদিহে সময় থাকোতেই এই গুৰুত্বপূৰ্ণ কামকেইটা নকৰে তেন্তে হয়তো বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হ’ব পাৰে আপুনিও। কোনবোৰ কামৰ বাবে চৰকাৰে সময়সীমা জাৰি কৰিছে জানো আহক…

১। যদি আপুনি এতিয়াও পেন আৰু আধাৰকাৰ্ড সংযুক্ত কৰা নাই তেন্তে ৩১ মাৰ্চৰ আগতে এই কাম সমাধা কৰক। অন্যথা অহা পহিলা এপ্ৰিলৰ পৰা আপোনাৰ পেন অসাৰ হৈ পৰিব। ফলস্বৰূপে অন্যান্য বহু কামৰ লগতে আয়কৰ ৰিটাৰ্ণো দাখিল কৰিব নোৱাৰিব। অহা পহিলা এপ্রিল বা তাৰ পৰৱৰ্তী সময়ত পেন আৰু আধাৰকাৰ্ড সংযুক্ত কৰিলে ১০ হেজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ।

২। যদি কোনো জ্যেষ্ঠ নাগৰিকে প্রধানমন্ত্রী বয় বন্দনা যোজনাত বিনিয়োগ কৰিব বিচাৰে তেন্তে ২০২৩ৰ ৩১ মাৰ্চলৈকেহে বিনিয়োগ কৰিব পাৰিব। এই প্রকল্পটো অহা বছৰলৈ আগুৱাই নিয়াৰ বাবে চৰকাৰে এই পর্যন্ত কোনো অধিসূচনা জাৰি কৰা নাই। এনে পৰিস্থিতিত মাৰ্চলৈকেহে ইয়াত বিনিয়োগ কৰিব পাৰিব।

৩। যদি আপুনি এতিয়াও টেক্স প্লেনিং কৰা নাই তেন্তে এইটো আপোনাৰ শেষ সুযোগ। যদি আপুনি পিপিএফ, সুকন্যা সমৃদ্ধি যোজনা, ইএলএছএছ আদিৰ জৰিয়তে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কৰ ৰেহাই পাব বিচাৰে তেন্তে ৩১ মাৰ্চৰ পূৰ্বে এই আঁচনিসমূহত বিনিয়োগ কৰাটো জৰুৰী।

৪। যদি আপুনি উচ্চ প্রিমিয়ামৰ স’তে এলআইচি পলিচীত কৰ ৰেহাই পাব বিচাৰে, তেন্তে আপুনি এই ৰেহাই কেৱল ২০২৩ৰ ৩১ মাৰ্চলৈকে ক্ৰয় কৰা পলিচীতহে লাভ কৰিব পাৰিব৷ অহা পহিলা এপ্ৰিলৰ পৰা কোনো বিনিয়োগকাৰীয়ে এই ৰেহাইৰ সুবিধা ল’ব নোৱাৰিব।

৫। যদি আপুনি এতিয়াও মিউচুৱেল ফাণ্ডৰ মনোনয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই তেন্তে যিমান পাৰে সোনকালে কৰক। ইয়াৰ বাবে সকলো ফাণ্ড হাউছে ৩১ মাৰ্চৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। যদি আপুনি এনে নকৰে তেন্তে আপোনাৰ মিউচুৱেল ফাণ্ড একাউণ্ট বাজেয়াপ্ত কৰা হ’ব।

Exit mobile version