Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

Opinion : বস্ত্ৰশিল্প আৰু জাতীয় গৌৰৱ

publisher by publisher
March 13, 2023
in Opinion
Reading Time: 3 mins read
0
Opinion : বস্ত্ৰশিল্প আৰু জাতীয় গৌৰৱ
4
SHARES
41
VIEWS
ShareShareShareShare

Opinion :

প্রাঞ্জলসেন ডেকা

অসমেই বোধকৰো এনে এখন ৰাজ্য, য’ত জাতীয় গৌৰৱৰ সীমা সংখ্যা নাই। প্ৰতিটো ক্ষেত্ৰতে আমি এনে গৌৰৱৰ কাৰণ উলিয়াই লওঁ। অৱশ্যে গৌৰৱ কৰিবলৈ সদা তৎপৰ হ’লেও তাত আমাৰ অৰিহণা একো নাই অথবা থাকিলেও সেয়া তেনেই নগণ্য।

ADVERTISEMENT

অসম চৰকাৰে যোৱা পহিলা মাৰ্চৰ পৰা ৰাজ্যত পাৱাৰ লুম অর্থাৎ যন্ত্রচালিত শালত উৎপাদিত মেখেলা চাদৰ, গামোচা, দখনা, আৰনাই আদি বস্তুৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছে। লগতে যন্ত্ৰত উৎপাদিত এনেবোৰ বস্ত্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অতি কঠোৰ অভিযান চলোৱা হ’ব বুলিও ঘোষণা কৰিছে।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

ধুৰন্ধৰৰ শেষ আশ্রয় !

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

ইয়াৰ পূৰ্বেই যোৱা ডিচেম্বৰত অসমৰ গামোচাক জি আই টেগ প্ৰদান কৰা হৈছে, যাৰ জৰিয়তে অসমৰ বাহিৰে আন ৰাজ্যত এনে গামোচাৰ উৎপাদন নিষিদ্ধ কৰা হৈছে; অর্থাৎ সমগ্ৰ বিশ্বত অসমৰ গামোচাই আছুতীয়া পৰিচয় আৰু মৰ্যাদা লাভ কৰিলে।

নিষিদ্ধকৰণ ঘোষণা কৰি অসম চৰকাৰৰ জাননীত কোৱা হয় যে জি আই টেগ লাভৰ পাছত অসমৰ গামোচা এই ৰাজ্যৰ বাহিৰত উৎপাদন কৰাটো নিষিদ্ধ৷ইয়াৰ উপৰি হেণ্ডলুম (ৰিজাৰ্ভেছন অৱ আৰ্টিকলছ্ ফৰ প্ৰডাকছন) এক্ট, ১৯৮৫ অনুসৰি গামোচা, মেখেলা চাদৰ, দখনা আদি হস্ততাঁতৰ দ্বাৰা উৎপাদনৰ বাবে সংৰক্ষিত কৰা হৈ আছে।

তাৰ পাছতো একাংশ অসৎ ব্যৱসায়ীয়ে যন্ত্ৰত উৎপাদিত (পাৱাৰ লুম) উক্ত আইনৰ দ্বাৰা সংৰক্ষিত এনেবোৰ সামগ্ৰীৰ আমদানি আৰু বিক্ৰী কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত উপৰোক্ত দুই আইনী ব্যৱস্থাৰ অধীনত গামোচা, মেখেলা চাদৰ, দখনা আদিৰ যন্ত্ৰৰ দ্বাৰা উৎপাদন, আমদানি আৰু বিক্ৰী প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হয়।

লগতে তাৰ বাবে বিশেষ বাহিনী গঠনৰো নিৰ্দেশ দিয়া হয়। অসম চৰকাৰৰ নিষেধাজ্ঞা ঘোষণাৰ পাছত জিলা প্রশাসনসমূহে যন্ত্ৰত উৎপাদিত উল্লিখিত বস্ত্ৰসমূহৰ বিক্ৰী নকৰিবলৈ নির্দেশনা জাৰি কৰা বুলি প্ৰকাশ পাইছে। লগতে ঠায়ে ঠায়ে ছেগা-চোৰোকাকৈ এনে বস্ত্ৰৰ সন্ধানত তালাচী অভিযান চলোৱা বুলিও কোৱা হৈছে।

অৱশ্যে সমগ্ৰ ৰাজ্যজুৰি যোৱা ১২ দিনত এনে কিমান বস্ত্ৰ জব্দ কৰা হ’ল, সেই সম্পৰ্কত চৰকাৰীভাৱে তথ্য প্ৰকাশ কৰা হোৱা নাই। অসমৰ গামোচা আৰু মেখেলা চাদৰে অতীজৰে পৰা এক বিশেষত্ব বহন কৰি আহিছে। হাতে বোৱা এই বস্ত্ৰই এহাতে এক থলুৱা শিল্প ক্ষেত্ৰৰ সৃষ্টি কৰিছে আৰু আনহাতে এক বিশেষ পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে।

বিগত কালছোৱাত ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি পায় আৰু দেশে-বিদেশে দৃষ্টি আকর্ষণ কৰে। অপৰূপ চানেকিৰে প্ৰস্তুত কৰা অসমৰ গামোচাই সততে সকলোকে মোহিত কৰি আহিছে। এবাৰ আমেৰিকাত এখন আন্তর্জাতিক সন্মিলনৰ আয়োজকসকলে বিশিষ্ট অতিথিসকলক কিহৰে আদৰণি জনোৱা হ’ব তাকে লৈ আলোচনা কৰি আছিল।

প্ৰতিখন দেশে নিজৰ ঐতিহ্যমণ্ডিত সৃষ্টি চানেকি হিচাপে দাঙি ধৰে। আয়োজকসকলৰ অন্যতম আছিল অসমৰ কৃপানাথ বৰা। সত্যনাথ বৰাৰ নাতি। তেওঁ অতিথিসকলক অসমীয়া গামোচাৰে আদৰণি জনাবলৈ প্ৰস্তাৱ দাঙি ধৰে। লগতে সহযোগীসকলক তেওঁ ফুলাম গামোচা এখনো প্ৰদৰ্শন কৰে। গামোচাখন দেখি আয়োজকসকলৰ প্ৰতিজন সদস্যই উল্লাসিত হৈ পৰে আৰু লগে লগে একেমুখে বৰাক সমৰ্থন জনায়৷ প্ৰস্তাৱ অনুসৰিয়ে বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা বিশিষ্ট অতিথিসকলক অসমীয়া গামোচাৰে আদৰণি জনোৱা হয়।

এনেদৰেই গামোচাই সততে সকলোৰে পৰা সমাদৰ লাভ কৰি আহিছে। ২০১৪ত প্রধানমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ পাছৰে পৰা নৰেন্দ্ৰ মোদীয়ে অসমৰ গামোচাৰ প্ৰতি বিশেষ শ্রদ্ধা আৰু আকৰ্ষণ প্ৰদৰ্শন কৰি আহিছে। বহু গুৰুত্বপূৰ্ণ কাৰ্যসূচীত বিশ্ববাসীৰ সন্মুখত তেওঁ সসন্মানেৰে ডিঙিত গামোচা পৰিধান কৰি ইয়াৰ গুৰুত্ব বহুগুণে বৃদ্ধি কৰাৰ লগতে গামোচাৰ প্ৰচাৰো কৰি আহিছে৷

মোদীৰ পূৰ্বে কোনো ৰাষ্ট্ৰীয় নেতাই গামোচাৰ প্ৰতি এনে সমাদৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই। এনেদৰেই জি আই টেগ থাকক বা নাথাকক, ইতিমধ্যে অসমৰ গামোচাই সমগ্ৰ দেশত স্বীকৃতি লাভ কৰিছে। তেনেদৰেই মেখেলা চাদৰ অসমীয়া মহিলাৰ জাতীয় পোছাকৰূপে স্বীকৃত হৈ আহিছে।

দেশত প্রচলিত শাড়ী অথবা অন্যান্য মহিলাৰ পোছাকতকৈ পৃথক তথা দুটা খণ্ডৰ হোৱা হেতুকে মেখেলা চাদৰ বহুতৰে বাবে কৌতূহলৰো কেন্দ্ৰ। বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত ‘মেখলা পড়া মেয়ে’ ৰচনা কৰি অসমীয়া যুৱতী-মহিলাক কটাক্ষ কৰাও পৰিলক্ষিত হৈছিল।

পাট-মুগাৰ হাতে বোৱা সুদৃশ্য মেখেলা চাদৰ যে মহিলাৰ এক অতি আকর্ষণীয় পোছাক তাত দ্বিমত নাই। দিন আগবঢ়াৰ লগে লগে পাট-মুগাৰ মেখেলা চাদৰেও আধুনিকৰ পৰা অতি আধুনিক ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। দেশ-বিদেশৰ বিভিন্ন ফেশ্বন শ্ব’ আদিতো অসমৰ পাট-মুগাৰ এনে বস্ত্ৰ প্ৰদৰ্শিত হৈছে আৰু বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

গতিকে গামোচা আৰু মেখেলা চাদৰ কেৱল অসমৰ জাতীয় বস্ত্ৰই নহয়, নিশ্চয়কৈ ৰাষ্ট্ৰীয় গৌৰৱৰো কাৰণ। কিন্তু ৰাজ্য চৰকাৰৰ শেহতীয়া নিষিদ্ধকৰণৰ ঘোষণাইহে এই জাতীয় গৌৰৱৰ বেলুন ফুটাই দিলে। যন্ত্ৰত উৎপাদিত মেখেলা চাদৰ আৰু গামোচাৰ বিৰুদ্ধে অসমত অভিযান আৰম্ভ হোৱাৰ পূৰ্বেই সুদূৰ গুজৰাটৰ ছুৰাটতহে ইয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়; কিয়নো অসমৰ এই জাতীয় গৌৰৱৰ উৎপাদনকাৰী অসমৰ পৰিৱৰ্তে ছুৰাটহে বুলি প্ৰকাশ পায়।

অসমত যন্ত্ৰত উৎপাদিত বস্ত্ৰ বিক্ৰীৰ নিষিদ্ধকৰণৰ সিদ্ধান্তই ছুৰাটৰ ব্যৱসায়ীসকলক ক্ষতিগ্রস্ত কৰাৰ আশংকাত তেওঁলোক এই সিদ্ধান্ত প্রত্যাহাৰ কৰাবলৈ তৎপৰ হৈ উঠে। ফেডাৰ্ছেন অৱ ছুৰাট টেক্সটাইল ট্ৰেডাৰ্ছ এছ’চিয়েছনে প্ৰকাশ কৰিছে যে অসমৰ মেখেলা চাদৰ আৰু গামোচাৰ উৎপাদন আৰু ব্যৱসায়ত সাতশৰ পৰা আঠশ ব্যৱসায়ীৰ লগতে তিনিশৰ পৰা চাৰিশ শ্রমিক জড়িত হৈ আছে।

অসমত তেওঁলোকে বছৰি তিনি হেজাৰ কোটি টকাৰ ব্যৱসায় কৰি আহিছে বুলিও এছ’চিয়েছনে সদৰী কৰিছে। সেই বাবেই অসম চৰকাৰৰ নিষিদ্ধকৰণৰ আকস্মিক সিদ্ধান্ত প্রত্যাহাৰৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে।

অকল সেয়েই নহয়, ফেডাৰ্ছেন অৱ গুজৰাট উইভাৰ্ছ এছ’চিয়েছনে সদৰী কৰিছে যে কেৱল মেখেলা চাদৰ আৰু গামোচাই নহয়, মেখেলা প্রস্তুতৰ বাবে প্ৰয়োজনীয় কেঁচামাল (জৰী)ও বৃহৎ পৰিমাণত অসমলৈ প্ৰেৰণ কৰি আহিছে। অসমত ব্যৱহৃত এই দুবিধ বস্ত্ৰৰ চাহিদা ৬০ শতাংশৰো অধিক পূৰ্ণ কৰা হয়, ছুৰাটৰ বস্ত্ৰ উদ্যোগৰ পৰাই।

ফলস্বৰূপে অসমত নিষিদ্ধকৰণে ছুৰাটৰ ১২শ সৰু-বৰ বোৱনীক সংকটৰ গৰাহলৈ ঠেলি দিব। লগতে ইতিমধ্যে প্রস্তুত হৈ থকা ড্ৰেশ কোটি টকা মূল্যৰ উৎপাদিত বস্ত্ৰ আৰু আন দুশ কোটি টকাৰ বস্ত্ৰ অসমলৈ প্ৰেৰণৰ পথত আছে বুলিও কোৱা হৈছে। সেইবোৰক লৈও সৃষ্টি হৈছে অনিশ্চয়তাৰ।

মেখেলা চাদৰ যিহেতু অসমৰ বাহিৰে আন ৰাজ্যত ব্যৱহৃত নহয়, সেয়েহে এনেবোৰ বস্ত্ৰ বিক্ৰী কৰিবলৈ তেওঁলোকৰ বাবে দ্বিতীয়খন বজাৰ নাই।নিষিদ্ধকৰণৰ ঘোষণাৰ পাছৰে পৰা অসমৰ পৰা নতুনকৈ কোনো অৰ্ডাৰ লাভ কৰা নাই বুলিও সংগঠনসমূহে সদৰী কৰিছে। সেয়েহে এই নিষিদ্ধকৰণৰ সিদ্ধান্ত প্রত্যাহাৰৰ বাবে অসম চৰকাৰক বাধ্য কৰাবলৈ ছুৰাটৰ উল্লিখিত সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ লগতে উভয় ৰাজ্যৰে শাসক দল বিজেপিক হেঁচা প্ৰয়োগ কৰিছে।

তেওঁলোকে আনকি অসম চৰকাৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰি এনে পৰিৱেশত ব্যৱসায় কৰাটো কেনেদৰে সম্ভৱ বুলিও প্রশ্ন উত্থাপন কৰিছে। ইয়াৰ পাছৰে পৰা অসম চৰকাৰে এই সম্পৰ্কত কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই যদিও পূর্বে ঘোষণা কৰাৰ দৰে অভিযান চলোৱাৰ পৰাও বিৰত আছে। ফলস্বৰূপে ৰাজ্যৰ মূল ব্যৱসায়িক কেন্দ্ৰ ফাঁচী বজাৰকে ধৰি বিভিন্ন বজাৰত যন্ত্রচালিত শালত উৎপাদিত মেখেলা চাদৰ আৰু গামোচা বিক্ৰী হৈ আছে।

যিহেতু সিদ্ধান্ত প্রত্যাহাৰৰ বাবে হেঁচা প্ৰয়োগ কৰা ৰাজ্যখন গুজৰাট, সেয়েহে অসম চৰকাৰে সেই হেঁচাত সেও মানিবলৈ বাধ্য হোৱাটো অস্বাভাৱিক নহয়। সুদীর্ঘ কাল ধৰি হীৰা আৰু বস্ত্ৰ ব্যৱসায়ৰ জৰিয়তে ছুৰাটে গুজৰাটত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

তদুপৰি সম্প্ৰতি দেশৰ ৰাজনৈতিক শক্তিৰ মূল কেন্দ্ৰ প্ৰধানমন্ত্রী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুজৰাটৰে হোৱা হেতুকে অসম চৰকাৰে দেখাকৈ উক্ত সিদ্ধান্ত প্রত্যাহাৰ নকৰিলেও অনানুষ্ঠানিকভাৱে যে যন্ত্ৰত উৎপাদিত মেখেলা চাদৰ আৰু গামোচা বিক্ৰী অব্যাহত ৰাখিবলৈ সেউজ সংকেত দিব পাৰে তাক বুজিবলৈ অসুবিধা নহয়।

পৰিতাপৰ বিষয় যে জাতীয় পোছাক আৰু জাতীয় গৌৰৱ বুলি দাবী কৰি অহা গামোচা আৰু মেখেলা চাদৰৰ চাহিদাৰ অর্ধেকো অসমে পূৰণ কৰিব পৰা নাই। সুদূৰ গুজৰাটৰ ব্যৱসায়ীয়ে অসমত বছৰি তিনি হেজাৰ কোটি টকাৰ ব্যৱসায় কৰি আহিছে আৰু ছুৰাটৰ পাৱাৰ লুমত উৎপাদিত বস্ত্ৰ পৰিধান কৰি আমি জাতীয় গৌৰৱৰ ধ্বজ্জা উৰুৱাইছো।

প্রয়োজনীয় চাহিদা অনুসৰি ৰাজ্যখনতে উৎপাদন কৰিবলৈ সক্ষম হোৱাহেঁতেন, অসমত তিনি হেজাৰ কোটি টকাৰ অধিক ব্যৱসায় হোৱাটো অৱধাৰিত আছিল। ছুৰাটৰ ব্যৱসায়ীসকলে যুক্তি দাঙি ধৰিছে যে হাতে বোৱা যিযোৰ মেখেলা চাদৰৰ মূল্য সাতৰ পৰা আঠ হেজাৰ টকা, সেই একেযোৰ যন্ত্ৰচালিত শালত উৎপাদিত কাপোৰৰ মূল্য সাতশৰ পৰা আঠশ টকা; অথচ এইবোৰ বস্ত্ৰত ব্যৱহৃত সকলোবোৰ চানেকি অসমৰ পৰাই গোপনে সংগ্ৰহ কৰা হৈছে, যাতে সেইবোৰ দেখাত অসমৰ উৎপাদিত বস্ত্ৰৰ দৰেই।

সেয়েহে তেওঁলোকে নিজৰ ব্যৱসায়ৰ লগতে অসমৰ নিম্ন আয়ৰ লোকসকলৰ চাহিদা পূৰণৰ বাবে সকাহ দি আহিছে বুলি দাবী কৰিছে। ইমানদিনে এনে এক ধাৰণা আছিল যে গামোচা অথবা মেখেলা চাদৰৰ চাহিদা ঘাইকৈ অসমত উৎপাদনৰ দ্বাৰাই পূৰণ কৰা হৈ আহিছে; অথচ ছুৰাটৰ ব্যৱসায়ীয়ে সদৰী কৰা অনুসৰি, অসমৰ এইকেইবিধ বস্ত্ৰৰ ৬০ শতাংশ পূৰণ কৰি তেওঁলোকে প্ৰতি বছৰে তিনি হেজাৰ কোটি টকাৰ ব্যৱসায় কৰি আহিছে।

বাকী ৪০ শতাংশৰ কিমান দাক্ষিণাত্যৰ ৰাজ্যসমূহৰ পৰা আমদানি কৰা হৈ আহিছে তাৰ প্ৰকৃত হিচাপ আমাৰ অৱগত নহয়। এনে পৰিপ্ৰেক্ষিতত অসমৰ বস্ত্ৰ উদ্যোগ-ব্যৱসায়ৰ স’তে জড়িতসকলেও বিষয়টোক লৈ নতুনকৈ চিন্তা-চৰ্চা কৰা প্রয়োজন। এই কথা অস্বীকাৰ কৰাৰ উপায় নাই যে মুকলি বজাৰত গ্ৰাহকে নিজৰ প্ৰয়োজন আৰু আৰ্থিক সামর্থ্যৰ ওপৰত নিৰ্ভৰ কৰিহে সামগ্রী ক্রয় কৰে।

যিসকলে শুৱালকুছিকে ধৰি অসমৰ অন্যান্য স্থানত উৎপাদিত মেখেলা চাদৰ অথবা গামোচা বা দখনা অত্যধিক মূল্যৰ হোৱা বাবে ক্ৰয় কৰিব নোৱাৰে, সেইসকলে হয় এনেবোৰ বস্ত্ৰ ক্ৰয়ৰ পৰা বিৰত থাকি শাড়ী অথবা আন পোছাক ক্ৰয় কৰিবলৈ বাধ্য হ’ব অথবা বহিঃৰাজ্যৰ পৰা আমদানিকৃত যন্ত্ৰত উৎপাদিত মেখেলা চাদৰ কিনিয়ে সন্তুষ্ট থাকিব। গতিকে এইসকল গ্রাহকে অসমত উৎপাদিত বস্ত্ৰ ক্ৰয় কৰিবলৈ হ’লে তেওঁলোকৰ বাবে উপযোগী বস্ত্র উৎপাদনত বিশেষ গুৰুত্ব প্ৰদানৰ প্ৰয়োজন।

তেতিয়াহে সেই তিনি হেজাৰ কোটি টকাৰ ব্যৱসায় অসমতে ৰখাটো সম্ভৱপৰ হ’ব। গতিকে চৰকাৰেও অসমৰ শিপিনীসকলৰ বাবে প্ৰয়োজনীয় কেঁচামাল সুলভ কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্ছনীয়। কেৱল চৰকাৰীভাৱে নিষিদ্ধ ঘোষণা ইয়াৰ স্থায়ী সমাধান হ’ব বুলি আশা কৰিব নোৱাৰি; কিয়নো দেখাত অসমত কয়লা ছিণ্ডিকেট অথবা গৰু, চুপাৰিৰ সৰবৰাহ অথবা ড্ৰাগছৰ বেহাও নিষিদ্ধ; কিন্তু প্রকৃত ছবিখন কি সেয়া অসমবাসীৰ অজ্ঞাত নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: প্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d